ৰাছিয়াৰ সামৰিক আক্ৰমণৰ পাছতে ইউক্ৰেইনৰ পৰা দেশলৈ ওভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীসকলে শনিবাৰৰ পৰা প্ৰতিবাদ সাৱ্যস্ত কৰিব ৷ কাইলৈৰ পৰা পাচদিনীয়া অনশন কার্যসুচী ৰূপায়ন কৰিব শিক্ষার্থীসকলে ৷ ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ ২৬খন ৰাজ্যৰ ৫ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কার্যসূচীত ৷ ইউক্ৰেইনৰ এমবিবিএছ শিক্ষার্থীৰ অভিভাৱক সন্থাৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ওভতি অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে এককালীন ব্যৱস্থা হিচাপে ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ দাবীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব
বিবৃতিটোত সন্থাই কয় -“ইউক্ৰেইনত চাৰিমাহতকৈ অধিক সময় ধৰি যুদ্ধৰ বাবে এমবিবিএছৰ শিক্ষার্থীসকলৰ পাঠ্যক্ৰম আধৰুৱা হ’ল ৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল হতাশা, উদ্বেগ আৰু মানসিক সমস্যাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে ৷ ভাৰত চৰকাৰক আমি দাবী জনাই আহিছো যে ভাৰতীয় চিকিৎসা মহাবিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰীক স্থান দিব লাগে ৷“
সন্থাই কয় যে তেওঁলোকে একাধিক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পত্ৰও প্ৰেৰণ কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যোৱা মাহত দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ দাবীত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে জন্তৰ মন্তৰত অনশন কৰিছিল ৷ ।
সন্থাৰ বিবৃতিটোত লগতে কয় -‘আমি যন্তৰ মন্তৰত তিনিবাৰ আৰু দুবাৰকৈ দ্বাৰকাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিলো। লগতে প্ৰধানমন্ত্ৰী কার্যালয় , স্বাস্থ্য মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদ আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈ আমাৰ দাবী সম্বলিত স্মাৰক পত্ৰ দাখিল কৰিছিলো । কিন্তু আজিলৈকে কোনো আশ্বাস নাই। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অনশনত বহিবলৈ সিদ্ধান্ত লৈছে।’ তেওঁলোকে কয় যে চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক বাদ দি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ১২ হাজাৰ ৷দেশত কমেও ৬০০খন চিকিৎসা মহাবিদ্যালয় আছে, সেয়েহে প্ৰতিখন প্ৰতিষ্ঠানতে প্ৰায় ২০ জন ছাত্ৰ-ছাত্ৰীক স্থান দিবলৈ তেওঁলোকে আহ্বান জনাইছে ৷
সমগ্ৰ ইউক্ৰেইনৰ বিভিন্ন মেডিকেল কলেজত অধ্যয়ন কৰি থকা ভাৰতৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পূব ইউৰোপৰ দেশখনৰ বিৰুদ্ধে ৰাছিয়ান বাহিনীয়ে আক্ৰমণ চলোৱাৰ পিছতে নিজৰ অধ্যয়ন আধাতে ত্যাগ কৰি দেশলৈ উভতি আহিছিল ৷