দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত নতুন ৰাষ্ট্ৰপতি নির্বাচনৰ পাছতে নিযুক্তি দিয়া হৈছে নতুন প্ৰধানমন্ত্ৰীও ৷ ৭২ বছৰীয়া দীনেশ গুনৱাৰডেনা হৈছে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী। সংসদত সদনৰ নেতাগৰাকীয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ পূৰ্বৰ গোটাবায়া-মহিন্দা চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু শিক্ষামন্ত্ৰী হিচাপে কার্যনিবাহ কৰিছিল ৷ শ্ৰীলংকাৰ ৰাজনীতিৰ এজন অভিজ্ঞ নেতা গুনৱাৰডেনা অত্যন্ত সাধাৰণ জীৱন যাপন কটাই আহিছে ৷ তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষৰ ঘনিষ্ঠ আৰু যুটীয়া বিৰোধী নেতা হিচাপে ২০১৫ চনৰ পৰা ২০১৯ চনলৈ দায়িত্ব পালন কৰিছিল ৷
আমেৰিকা আৰু নেদাৰলেণ্ডত শিক্ষা গ্ৰহণ কৰা দীনেশ গুনাৱাৰডেনা এজন ট্ৰেড ইউনিয়নৰ নেতা ৷তেওঁৰ পিতৃ ফিলিপ গুনাৱাৰডেনাৰ শ্ৰীলংকাৰ সমাজবাদৰ পিতৃ হিচাপে পৰিচিত। ফিলিপ গুনাৱাৰডেনাৰ ভাৰতৰ প্ৰতি থকা প্ৰেম আৰু সাম্ৰাজ্যবাদী দখলৰ বিৰুদ্ধে স্বাধীনতাৰ দিশত প্ৰচেষ্টা আৰম্ভ হৈছিল ১৯২০ চনৰ আৰম্ভণিতে আমেৰিকাত। তেওঁ উইচকনচিন বিশ্ববিদ্যালয়ত জয়প্ৰকাশ নাৰায়ণ আৰু ভি কে কৃষ্ণ মেননৰ সহপাঠী আছিল ৷ কিন্তু বহুতে নাজানে যে তেওঁৰ পৰিয়ালৰ ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে ৷
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্ৰীলংকাৰ পৰা পলায়ন কৰি প্ৰধানমন্ত্ৰীৰ পিতৃ ফিলিপ আৰু মাতৃ কুসুমাই ভাৰতত আশ্ৰয় লৈছিল ৷ তেওঁলোকে স্বাধীনতাৰ বাবে যুঁজি থকা আণ্ডাৰগ্ৰাউণ্ড কৰ্মীসকলৰ লগত যোগ দি কিছুদিন ধৰি গ্ৰেপ্তাৰৰ পৰা হাত সাৰিছিল। ১৯৪৩ চনত দুয়োকে ব্ৰিটিছ চোৰাংচোৱাই বন্দী কৰি বোম্বাইৰ আৰ্থাৰ ৰোড জেলত ৰাখিছিল। এবছৰৰ পাছত তেওঁলোকক শ্ৰীলংকালৈ বিতাড়িত কৰা হয় আৰু যুদ্ধ শেষ হোৱাৰ পিছতহে তেওঁলোকক মুকলি কৰি দিয়া হয়। ফিলিপ, ৰবাৰ্ট, কুসুমা সকলোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ লৈ বোম্বাইৰ কাৰাগাৰলৈ যোৱাৰ বাবে ই তেওঁৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। দক্ষিণ এছিয়াক ব্ৰিটিছ ৰাজৰ পৰা মুক্ত কৰিবলৈ প্ৰায় এশ বছৰ পূৰ্বে ভাৰতৰ সৈতে তেওঁলোকৰ যোগাযোগ আৰম্ভ হৈছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শ্ৰীলংকাত থকা তেওঁলোকৰ পৰিয়ালৰ ঘৰলৈ গৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি নিৰন্তৰ সমৰ্থন আৰু ব্যক্তিগত ত্যাগৰ বাবে ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰিছিল ৷