পৰিবহণ বিভাগ আৰু বাছ চালকসকলৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে শুকুৰবাৰ অৰ্থাৎ আজি গুৱাহাটী মহানগৰীৰ কেইবাটাও পথত চিটি বাছ চলাচল স্তব্ধ হৈ পৰিছে ।
গুৱাহাটী মহানগৰীৰ চিটি বাছ চালক আৰু কণ্ডাক্টৰসকলে চিটিবাছ চলাচল সন্দৰ্ভত বিভিন্ন সমস্যাৰ প্ৰতি পৰিবহণ বিভাগৰ নিষ্ক্ৰিয়তাৰ বাবে অভিযোগ উত্থাপন কৰি আজি গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত তেওঁলোকৰ সমস্যা শুনিবলৈ অনিচ্ছুক হোৱা পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
প্ৰতিবাদকাৰী বাছ চালকসকলে অভিযোগ উত্থাপন কৰিছে যে চহৰৰ কেইবাখনো ঠাইত চিটি বাছৰ কোনো নিৰ্ধাৰিত ষ্টপেজ পইণ্ট নাই।তদুপৰি, যিবোৰত আছে বেছিভাগেই সৰু বাহনসমূহৰ পাৰ্কিং স্থান হিচাপে দখল কৰা হয়। আনহাতে নিৰ্ধাৰিত ষ্টপেজবোৰত বাছ ৰখাবলৈ যাওঁতে তেওঁলোকে ষ্টপেজ পইণ্টৰ আগত বা পিছত বাছখন ৰখাব লগা হয় , যাৰ ফলত যান-জঁটৰ সৃষ্টি হয় আৰু আনফালে যান-বাহন আৰক্ষী বিষয়া সকলৰ ৰোষত পৰি জৰিমনাও ভৰিবলগীয়া হয় চিটিবাছ চালক সকলে।
তেওঁলোকে উক্ত বিষয় সন্দৰ্ভত বাবে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি গুৱাহাটীৰ চিটি বাছৰ কৰ্মচাৰীসকলে বশিষ্ঠৰ চিটি বাছ আস্থানৰ ওচৰত পিকেটিং কৰি, পৰিবহন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ।