গুৱাহাটী মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত চলিত বৰ্ষৰ ১০ আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ষষ্ঠ ‘চলচিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (চিএনএফএফ)। এই মহোৎসৱত ১ ছেপ্টেম্বৰ, ২০২০ ৰ পৰা ৩১আগষ্ট, ২০২২ৰ ভিতৰত প্ৰযোজিত ফিচাৰ, নন-ফিচাৰ, ডকুমেণ্টৰী আৰু এনিমেচন সমূহ প্ৰদৰ্শিত হ’ব, য’ত ‘চিএনএফএফ ২১’-ৰ বিজয়ীসকলকো নগদ পুৰস্কাৰ, প্ৰমাণপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ’ব।
আনহাতে প্ৰতিযোগিতা শাখাৰ বাবে, উত্তৰ-পূব ভাৰতৰ হিন্দী বা ইংৰাজী উপশীৰ্ষক থকা চলচ্চিত্ৰবোৰ গ্ৰহণ কৰা হ’ ব। প্ৰতিযোগিতাৰ বিষয়বস্তুটো হ’ল ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ ৷ কিন্তু প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত চলচ্চিত্ৰসমূহে ভাৰতীয় কলা, সংস্কৃতি, পৰম্পৰা, মহিলা, দেশপ্ৰেম, উন্নয়ন, পৰিৱেশ, ভূমি, পৰিয়াল আদি বিষয় সমূহক প্ৰতিফলিত কৰিব লাগিব । আনহাতে অ-প্ৰতিযোগিতামূলক শাখাত, নিৰ্বাচিত ফিচাৰ ফিল্ম সমূহকো প্ৰমাণপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো বিশিষ্ট পৰিচালক আৰু চলচ্চিত্ৰ-লেখক এই অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। চলচিত্ৰম্ চছাইটিৰ সভাপতি আৰু চিএনএফএফ ২২-ৰ উৎসৱ পৰিচালক উৎপল দত্তই এই সন্দৰ্ভত কয় যে, ২০১৭ চনৰ পৰা গুৱাহাটীয়ে যোৱা বছৰৰ বাহিৰে মাৰ্চ মাহত এই উৎসৱৰ আয়োজন কৰি আহিছে, আনহাতে কোভিড-১৯ মহামাৰীৰ বাবে অনলাইন ব্যৱস্থাৰ জৰিয়তে আগষ্টত এই মহোৎসৱৰ আয়োজন কৰা হৈছিল। এই বছৰ, সমগ্ৰ ভাৰতত অনুষ্ঠিত অন্যান্য চলচ্চিত্ৰ মহোৎসৱৰ সৈতে সংগতি ৰাখি ছেপ্টেম্বৰত উৎসৱৰ আয়োজন কৰা হৈছে ৷ ।
শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ ব্রিফিঙত অসমৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱাই সাংবাদিকৰ পৰা চলচ্চিত্ৰ নিৰ্মাতা হোৱা চিবানু বৰাৰ সৈতে শিল্পী ধনজিৎ দাসে ডিজাইন কৰা এই উৎসৱৰ ল’গ’ মুকলি কৰে ।
উক্ত অনুষ্ঠানতে নিৰ্বাচিত বিষয়বস্তুৰে ডিজিটেল প্লেটফৰ্মত ৰেডিঅ’ আৰু দূৰদৰ্শন কাৰ্যসূচী আৰু ব্লগৰ মাজত এক প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব । তদুপৰি, অসমীয়া চলচ্চিত্ৰৰ ওপৰত শ্ৰেষ্ঠ কিতাপ, প্ৰবন্ধ আৰু ৱেব-ব্লগৰ আন এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব বুলি আয়োজমণ্ডলীৰ অন্যতম ভাগৱত প্ৰীতমে জানিবলৈ দিয়ে।
এই বিষয়ত আগ্ৰহী ব্যক্তিসকলে www.chalachitram.in ৱেবছাইটৰ পৰা উৎসৱ সম্পৰ্কীয় সকলো তথ্য প্ৰাপ্ত কৰিব পাৰিব বুলিও আয়িজক সকলে জানিবলৈ দিছে ।