আজি উত্তৰ প্ৰদেশৰ হথৰাছ জিলাৰ কানৱাৰ যাত্ৰীৰ এটা দলক হথৰাছ আগ্ৰা পথৰ বধৰ গাঁৱৰ ওচৰত এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত ছয়জন কানৱাৰ ভক্ত নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।এই কানৱাৰ যাত্ৰীসকল মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ আছিল বুলি জানিব পৰা গৈছে ।
হথৰাছৰ সদাবাদ আৰক্ষী থানাৰ অন্তৰ্গত ৯৩নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা প্ৰায় ২.১৫ বজাত এই শোকাবহ ঘটনা সংঘটিত হয় ।ইতিমধ্যে কানৱাৰ ভক্তসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ আনহাতে আহতসকলক আগ্ৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে কানৱাৰ যাত্ৰীৰ দলটো হৰিদ্বাৰৰ পৰা গোৱালিয়ৰলৈ উভতি আছিল।
দুৰ্ঘটনাটো সন্দৰ্ভত আগ্ৰা জোনৰ এডিজি ৰাজীৱ কৃষ্ণাই কয় যে ,আজি পুৱা প্ৰায় ২.১৫ বজাত হাতৰাছৰ সদাবাদ আৰক্ষী থানাৰ অন্তৰ্গত ৯৩নং ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই নিয়াত ৫ জন ভক্ত নিহত আৰু ১ জন গুৰুতৰভাৱে আহত হয় । তেওঁলোক হৰিদ্বাৰৰ পৰা গোৱালিয়ৰলৈ গৈ আছিল।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু অব্যাহত ৰাখিছে তদন্ত ।আনহাতে অতি শীঘ্ৰেই চালকজনক আটক কৰা হ’ব বুলি আশ্বাস দিয়ে এডিজি ৰাজীৱ কৃষ্ণাই ।