কাৰগাৰৰ ভিতৰতে অনশন আৰম্ভ কৰিছে নিষিদ্ধ জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ মুৰব্বী য়াছিন মালিকে ৷ আদালতত সঠিকভাৱে ন্যায় নোপোৱাৰ অভিযোগেৰে তেওঁ তিহাৰ কাৰাগাৰৰ ভিতৰতে অনশন আৰম্ভ কৰিছে ৷ যোৱা ১৯ মে’ত সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আদালতে দোষী সাব্যস্ত কৰি তেওঁক ২৫ মে’ত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। মালিকক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ ১৬ নং ধাৰা, ১৭ নং ধাৰা, ১৮ নং ধাৰা, আৰু ২০ নং ধাৰা অনুসৰি আদালতে দোষী সাব্যস্ত কৰে।
বিচ্ছিন্নতাবাদী নেতাজনৰ বিৰুদ্ধে আন দুটা গোচৰো ৰুজু হৈছে ৷ ১৯৮৯ চনত তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী মুফতি মহম্মদ ছায়েদৰ কন্যা ৰুবাইয়া ছায়েদক অপহৰণ কৰা আৰু ১৯৯০ চনত ভাৰতীয় বায়ুসেনাৰ চাৰিজন বিষয়াক হত্যা কৰাৰ গোচৰত অভিযুক্ত হৈছে য়াছিন মালিক ৷ এই দুটা গোচৰত ব্যক্তিগত হাজিৰ বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিছিল মালিকে।
জে কে এল এফৰ মুখপাত্ৰ মহম্মদ ৰফিক দাৰে কয় যে মালিকে প্ৰথমে শেষৰটো আদালতৰ শুনানিৰ এদিন পূৰ্বে ১২ জুলাইৰ পৰা অনশন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু তেওঁ জেল কৰ্তৃপক্ষৰ অনুৰোধত ১০ দিনৰ বাবে পিছুৱাই দিছিল যাতে তেওঁলোকে সংশ্লিষ্ট উচ্চ কৰ্তৃপক্ষৰ সৈতে বিষয়টো গ্ৰহণ কৰিবলৈ কিছু সময় পায় ৷