পুনৰ দলৱদ্ধ ধর্ষণৰ ঘটনাই জোঁকাৰি গৈছে দেশৰ ৰাজধানী নতুন দিল্লী ৷ শেহতীয়াকৈ নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মত ৩০ বছৰীয়া এগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷এই ঘটনাত ৪জন ৰে’ল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চাৰিওজন অভিযুক্ত ৰে’লৱেৰ বৈদ্যুতিক বিভাগৰ দলৱদ্ধ ধর্ষণৰ ঘটনা ৷ অভিযোগ অনুসৰি ধৃত চাৰিজনৰ দুজনে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ সময়তে আন দুজনে বাহিৰত পহৰা দি আছিল। অভিযুক্ত কেইজন হৈছে ৩৫ বছৰীয়া সতীশ কুমাৰ, ৩৮ বছৰীয়া বিনোদ কুমাৰ, ৩৩ বছৰীয়া মংগল চান্দ আৰু ৩৭ বছৰীয়া জগদীশ চান্দ।
ৰেলৱে আৰক্ষী বিষয়া হৰেন্দ্ৰ সিঙৰ মতে, মহিলা গৰাকীয়ে পুৱা প্ৰায় ৩.২৭ বজাত থানাত ফোন কৰি ঘটনাটো অৱগত কৰে। লগে লগে আৰক্ষীয়ে ষ্টেচনত উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰে।
মহিলাগৰাকীয়ে আৰক্ষীৰ আগত সদৰী কৰা অনুসৰি তেওঁ হাৰিয়ানাৰ ফৰিদাবাদৰ বাসিন্দা ৷ প্ৰায় দুবছৰ পূৰ্বে স্বামীৰ সৈতে সম্পর্ক চেদ কৰা মহিলা গৰাকীয়ে কাম বিচাৰি আহিছিল ৷ ধৃত সতীশক বন্ধুৰ জৰিয়তে লগ পাইছিল আৰু ৰে’লৱেত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি মহিলাগৰাকীয়ে আৰক্ষীক জনাইছে।বৃহস্পতিবাৰে সতীশে মহিলাগৰাকীক ফোন কৰি পুত্ৰৰ জন্মদিনৰ পাৰ্টিলৈ নিমন্ত্ৰণ জনায় । নিশা প্ৰায় ১০.৩০ বজাত মহিলাগৰাকীয়ে কীৰ্তি নগৰ মেট্ৰ’ ষ্টেচনত সতীশক সাক্ষাৎ কৰে। ইয়াৰ পিছতে সতীশে মহিলাগৰাকীক নতুন দিল্লী ৰে’লৱে ষ্টেচনলৈ লৈ যায় য’ত আন তিনি অভিযুক্তই তেওঁলোকক লগ পায় ৷ তাৰ পিছত ৰে’ল লাইটিং জুপুৰিটোৰ ভিতৰত সতীশসহ বন্ধুকেইজনে মিলি মহিলা গৰাকীক দলৱদ্ধ ধর্ষণ কৰিছিল ৷