ভাৰত-চীন সীমান্তৰ সমীপৰ পথ নিৰ্মাণস্থলীৰ পৰা পলায়ন কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ সোতৰ দিনৰ পাছত অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা অসমৰ ১৯ জন শ্ৰমিকৰ ভিতৰত ৭ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে ৷ শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ কুৰুং কুমেয় জিলাৰ এখন ঘন অৰণ্যৰ ভিতৰত তেওঁলোকক উদ্ধাৰ কৰা হয় ৷ আজি এই কথা সদৰী কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনৰ বিষয়াসকলে ৷
বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন চমুকৈ বি আৰ অ’ৰ চিকিৎসালয়ত শ্ৰমিককেইজনক সম্প্ৰতি ভর্ত্তি কৰোৱা হৈছে ৷ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা বর্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ । ইফালে, নিৰুদ্দেশ হৈ থকা আন ১২ জন শ্ৰমিকৰ সন্ধান উলিয়াবলৈ ভাৰতীয় বায়ুসেনাই শনিবাৰে পুৱাৰে পৰা অভিযান আৰম্ভ কৰে। জিলাখনৰ ডামিন চক্ৰৰ হুৰিস্থিত বি আৰ অ’ পথ নিৰ্মাণস্থলীত ব্যক্তিগত ঠিকাদাৰে নিয়োজিত কৰা শ্ৰমিককেইজনে যোৱা ৫ জুলাইত ঈদ উদযাপনৰ বাবে ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান নকৰাৰ ফলত কৰ্মস্থলীৰ পৰা পলায়ন কৰে ৷কুৰুং কুমেয়ৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া কৰণ খোলিয়ে ক’ল’ৰিয়াঙৰ পৰা ফোনযোগে প্ৰকাশ কৰা অনুসৰি “ডামিনৰ স্থানীয় গাঁওবাসীয়ে প্ৰথমে নিৰুদ্দেশ হোৱা শ্ৰমিকসকলৰ ভিতৰত চাৰিজনক উদ্ধাৰ কৰিছিল আৰু পিছত হুৰিত তেওঁলোকৰ কৰ্মস্থলীৰ পৰা প্ৰায় ২০-২৫ কিলোমিটাৰ দূৰত্বত থকা গভীৰ অৰণ্যৰ ভিতৰত আন তিনিজনক উদ্ধাৰ কৰে ৷”ৰাজ্যৰ ৰাজধানী ইটানগৰৰ পৰা ২৪৯ কিলোমিটাৰ দূৰত্বত থকা ক’ল’ৰিয়াঙৰ পৰা প্ৰায় ১০৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত হুৰিৰ কৰ্মস্থলী। ই ভাৰত-চীন সীমান্তৰ পৰা প্ৰায় ৮০-৯০ কিলোমিটাৰ দূৰত অৱস্থিত।
প্ৰাপ্ত তথ্য অনুসৰি শ্ৰমিকসকলে কৰ্মস্থলীৰ পৰা পলায়নৰ পিছত তেওঁলোকে দুটা গোটত বিভক্ত হৈ বনাঞ্চলৰ মাজেৰে খোজকাঢ়ি অসমলৈ আহিবলৈ সিদ্ধান্ত লয়। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ পাছতে তেওঁলোকে বাট হেৰুৱাই পেলায়। ইয়াৰ পিছতো ইমান দিন কেনেকৈ সিহঁতে জীয়াই থাকিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷
বৰ্তমান এছ ডি আৰ এফৰ ২৬ জন জোৱান অনুসন্ধান অভিযানত নিয়োজিত হৈ আছে ৷ তদুপৰি কেন্দ্ৰক এন ডি আৰ এফ (ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী)ৰ পৰা অতিৰিক্ত কৰ্মী যোগান ধৰিবলৈ অনুৰোধ জনোৱা হৈছে । তেজপুৰৰ পৰা অহা এখন বায়ুসেনাৰ হেলিকপ্টাৰেৰে শনিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হোৱা আন ১২ জন শ্ৰমিকৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে ৷