পুনৰ অসমত আৰম্ভ হৈছে শ্ৱুৱাইন ফ্লুৰ তাণ্ডৱ ৷শ্বুৱাইন ফ্লুৰ কবলত পৰি মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ গাহৰি ৷ মূৰে কঁপালে হাত দিব লগা হৈছে গাহৰি ব্যৱসায়ৰ সৈতে জৰিত ব্যৱসায়ী সকলে ৷
আজি অসমৰ গোলাঘাট জিলাৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ১৪৪ ধাৰা জাৰি কৰিছে। জানিবপৰা মতে প্ৰশাসনে ইতিমধ্যে সমগ্ৰ গোলাঘাট জিলাতে গাহৰিৰ মাংস বিক্ৰী কৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলাখনত ক্ৰমাৎ শ্বুৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে সমগ্ৰ জিলাখনতে ১৪৪ধাৰা জাৰি কৰি গাহৰিৰ মাংস বিক্ৰী কৰা কাৰ্য নিষিদ্ধ কৰিছে গোলাঘাট জিলা প্ৰসাশনে ।এই ক্ষেত্ৰত সমগ্ৰ অঞ্চলবাসীৰ সহায় সহযোগিতাও কামনা কৰিছে জিলা প্ৰশাসনে ৷