আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে। দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় আৰু দ্বিতীয়গৰাকী মহিলা হৈছে মুর্মু ।ৰাষ্ট্ৰপতি হিচাপে প্ৰথমটো টুইটত দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক “জোহৰ, নমস্কাৰ”ৰে সম্ভাষণ জনাই কয় যে দেশবাসীৰ আর্শীবাদেহে তেওঁক দেশৰ সৰ্বোচ্চ কাৰ্যালয়ত কৰ্তব্য পালন কৰিবলৈ শক্তি প্ৰদান কৰিব। “জোহৰ” হৈছে আদিবাসীৰ মাজত পৰম্পৰাগত শুভেচ্ছা জনাবলৈ ব্যৱহাৰ কৰা এটা শব্দ ।
ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই মুর্মুক ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰোৱায় ৷ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বিদায়ী উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী উপস্থিত থাকে। তদুপৰি ৰাষ্ট্ৰপতি মুৰ্মুৰ গৃহ ৰাজ্য ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু সকলো দলৰ সাংসদ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৷ শপত গ্ৰহণ কৰাৰ পিছত সংসদৰ যৌথ অধিৱেশনত ভাষণ দি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে তেওঁৰ নিৰ্বাচনে প্ৰমাণ কৰিছে যে দেশৰ দৰিদ্ৰসকলে সপোন দেখিব পাৰে আৰু এদিন সেই সপোন পূৰণ কৰিব পাৰে।
প্ৰাথমিক শিক্ষা লাভ কৰাটো তেওঁৰ বাবে সপোন আছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তেওঁ প্ৰান্তীয় লোকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব দিব।তেওঁ দেশৰ যুৱক-যুৱতীসকলক নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ উপৰিও দেশৰ ভৱিষ্যতৰ ভেটি স্থাপনৰ দিশত কাম কৰিবলৈ আহ্বান জনায় ৷ । শপত গ্ৰহণৰ পূৰ্বে তেওঁ ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে।
৬৪ বছৰীয়া মুৰ্মুৱে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাক পৰাস্ত কৰি বৃহস্পতিবাৰে ইতিহাস ৰচনা কৰি প্ৰথম জনজাতীয় আৰু শীৰ্ষ সাংবিধানিক পদত অধিষ্ঠিত দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়।২০১৫ চনত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা আছিল দ্ৰৌপদী মুৰ্মু।বিজেপিৰ সমৰ্থনত বিজু জনতা দলে ওড়িশাত শাসনাধিষ্ঠিত হৈ থকাৰ সময়ত নবীন পাটনায়ক মন্ত্ৰীসভাত তেওঁ দুবাৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল ।