অধিক পৰিমাণে আৰু অনিয়মীয়াকৈ খাদ্য খালে , অতিপাত মছলা , চাহ , কফি, মাদকদ্ৰব্য আদি খোৱাৰ কাৰণে আমাৰ বদহজম বা অজীৰ্ণ ৰোগ হ’ব পাৰে। বদহজম বা অজীৰ্ণ ৰোগ হ’লে ভোক নালাগে , পেট ফুলি উঠে, উগাৰ আহে , টোপনি কম হয় আৰু ৰক্তহীনতাই দেখা দিয়ে। কেতিয়াবা বমিও হ’ব পাৰে।
কোনো বিশেষ খাদ্যবস্তুৰ পৰা যদি অভোক বা অজীৰ্ণ ৰোগ হয় তেনেহ’লে ঘৰুৱা পদ্ধতিৰে আমি আৰোগ্য লাভ কৰিব পাৰোঁ-
১) ভাত খাই অজীৰ্ণ হ’লে ক’লা নিমখ খাব লাগে।
২) মাছ-মাংস আৰু তেল জাতীয় বস্তু খাই অজীৰ্ণ হ’লে কাজি নেমুৰ ৰস খালে ভাল হয়।
৩) মিঠাই বা মিঠা জাতীয় বস্তু খাই বদহজম হ’লে অলপ নিমখ মিহলাই ঠাণ্ডা পানী খাব লাগে।
৪) গাখীৰ খাই অজীৰ্ণ হ’লে ঘোল খোৱা উচিত। নহৰু খোৱাও ভাল।
৫) জামু আৰু মটৰমাহ খাই বদহজম হ’লে শিলিখা খাব লাগে।
৬) আম খাই অজীৰ্ণ হ’লে গাখীৰ গৰম কৰি খাব লাগে।
৭) জ্বলা খাই বদহজম হ’লে তেল খোৱা ভাল।
৮) নাৰিকল খাই বদহজম হ’লে চাউল চোবাই খাব লাগে।
৯) কল খাই অজীৰ্ণ হ’লে নিমখ নাইবা ঘিঁউ খোৱা উচিত।
১০) যিকোনো শাক খাই অজীৰ্ণ হ’লে সৰিয়হৰ গুৰি খাব লাগে।
১১) খিচিৰী খাই হজম নহ’লে সৈন্ধৱ নিমখ খাব লাগে।
১২) পায়স খাই বদহজম হ’লে গুড় বা দাইলৰ পানী খাব লাগে।