আজি বিশ্ববিখ্যাত নাট্যকাৰ জৰ্জ বাৰ্নাৰ্ড শ্ব’ৰ ওপজা দিন । ১৮৬৫ চনৰ আজিৰ দিনটোতে আয়াৰলেণ্ডৰ ডাবলিনত তেওঁৰ জন্ম হৈছিল । নাট্যকাৰ হিচাপে বিশেষ প্ৰসিদ্ধি লাভ কৰিলেও তেওঁ এগৰাকী প্ৰবন্ধকাৰ, ঔপন্যাসিক তথা চুটিগল্পকাৰো আছিল । বিশ্ব সাহিত্যত নাট্যকাৰ হিচাপে তেওঁৰ স্থান শ্বেইকছপীয়েৰৰ পিছতেই বুলি কোৱা হয় । তেওঁ মেন এণ্ড ছুপাৰমেন, পিগমেলিয়ন, ছেণ্ট জ’নসহ মুঠ ৬২খন নাটক ৰচনা কৰিছিল । ব্যংগৰচনা আৰু ৰূপক কাহিনীতো তেওঁ সিদ্ধহস্ত আছিল । তদুপৰি লণ্ডন স্কুল অব ইক’নমিক্সৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল । ১৯২৫ চনত তেওঁ সাহিত্যৰ নবেল বঁটা লাভ কৰে । এইগৰাকী নাট্যকাৰলৈ আমাৰ প্ৰণাম ।