আজি সমগ্ৰ দেশে উদযাপন কৰিছে কাৰ্গিল বিজয় দিৱস। কিয়নো ১৯৯৯ চনৰ ২৬ জুলাই অৰ্থাৎ আজিৰ দিনটো সোণালী আখৰেৰে খোদিত হৈ আছে ভাৰতীয় সেনাৰ ইতিহাসত। এই দিনটোতে ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। উল্লেখ্য যে এই বছৰ কাৰ্গিল বিজয় দিৱসৰ ২৩সংখ্যক বৰ্ষপূৰ্তি। সেয়েহে এই দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ।
১৯৯৯ চনৰ মে’মাহত কাৰ্গিলত প্ৰবেশ কৰা পাকিস্তানী সৈন্য আৰু সন্ত্ৰাসবাদীক প্ৰতিহত কৰি ভাৰতীয় সৈন্যই দেখুৱাইছিল নিজৰ সাহস আৰু পৰাক্ৰম ।সেই যুদ্ধত দেশৰ হকে প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকলৰ সন্মানাৰ্থেই পালন কৰা হয় এই ‘কাৰ্গিল বিজয় দিৱস’ ৷ ৬০ দিন ধৰি চলা এই যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলক প্ৰতিবছৰে এই দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
এই দিনটোত ভাৰতীয় সেনাই পাকিস্তানে দখল কৰা ঠাইসমূহ পুনৰ ওভতাই লৈছিল। এই যুদ্ধ জম্মু–কাশ্মীৰৰ কাৰ্গিল জিলাত ১৯৯৯ চনৰ মে’মাহৰ পৰা জুলাইলৈকে চলিছিল। পাকিস্তানৰ তৎকালীন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক নজনোৱাকৈ তৎকালীন পাকিস্তানী সেনা প্ৰধান জেনেৰেল পাৰভেজ মুছাৰফে কাৰ্গিলত অনুপ্ৰৱেশ কৰিছিল। সেয়েহে ভাৰতীয় নিয়ন্ত্ৰণ ৰেখা (এল অ’ চি)ৰ পৰা পাকিস্তানী সেনাক খেদি পঠিয়াবলৈ এই তয়াময়া যুদ্ধ হৈছিল দুই দেশৰ সেনাৰ মাজত আৰু অৱশেষত ভাৰতীয় সেনাই নিজৰ পৰাক্ৰমেৰে পাকিস্তানী সেনাক পৰাভূত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ।