কৰ্ণাটকৰ কেন্দ্ৰীয় অপৰাধ শাখাৰ আৰক্ষীয়ে মৌলবাদী সন্দেহত গ্ৰেপ্তাৰ কৰিছে অসমৰ যুৱক আখটাৰ হুছেইনক ৷ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তিনিজন বন্ধুৰ সৈতে বাংগালুৰুৰ তিলকনগৰ অঞ্চলৰ বিটিপি অঞ্চলত বাস কৰি আহিছিল অসমৰ যুৱক আখটাৰ হুছেইনে । বাংগালুৰুত এজন খাদ্য বিতৰণ এজেণ্ট হিচাপে কৰ্মৰত আখটাৰ ৷আৰক্ষীয়ে জনোৱা অনুসৰি সন্দেহজনক বুলি চিনাক্ত কৰা হৈছিল অসমৰ পৰা গৈ বাংগালুৰুত বাস কৰা যুৱকজনক ৷
এজন আৰক্ষী বিষয়াই কয় যে তেওঁলোকে মৌলবাদীৰ সন্দেহত আখটাৰক আদালতত হাজিৰ কৰাই আৰু অধিক সোধা-পোছাৰ বাবে তেওঁক ১০ দিনৰ আৰক্ষী জিম্মাত লোৱা হৈছে । তেওঁ আন তিনিজন লোকৰ সৈতে বাস কৰি আছিল। তেওঁলোককো এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল কিন্তু তেওঁলোকৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই বাবে তেওঁলোকক এৰি দিয়া হৈছে। অৱশ্যে, আৰক্ষীয়ে যেতিয়াই প্ৰয়োজন হয় তেওঁলোকক উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ।
এজন স্থানীয় বাসিন্দাই এই সন্দৰ্ভত কয় যে তেওঁ কেতিয়াও হুছেইনৰ সৈতে বাৰ্তালাপ কৰা নাছিল কিয়নো তেওঁ বেছিভাগ ৰাতি কাম কৰিছিল। তেওঁলোকে তেওঁক ৰাতি দেখিছিল।তেওঁ লগতে কয় যে দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত, প্ৰায় পাঁচজন আৰক্ষী বিষয়া আহিছিল আৰু নিশা ৮ বজালৈ প্ৰায় ৩০ জন আৰক্ষী কৰ্মী আহি তেওঁক তুলি লৈ গৈছিল।
আৰক্ষী বিষয়াজনে কৈছিল যে হুছেইনে যুৱকসকলক মৌলবাদী কৰি তুলিছিল ৷ অৱশ্যে অধিক জেৰাৰ পিছতহে অধিক তথ্য উপলব্ধ হ’ব। আনহাতে তামিলনাডুত আন এজন সন্দেহজনক ব্যক্তিৰ ওপৰত অভিযান চলোৱা হৈছিল, যাৰ হুছেইনৰ সৈতে সম্পৰ্ক আছিল আৰু তেওঁকো ইতিমধ্যে জিম্মাত লোৱা হৈছে বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷
মহানগৰ আৰক্ষী আয়ুক্ত চি এইচ প্ৰতাপ ৰেড্ডীয়ে কয় যে আৰক্ষীৰ ওচৰত সংস্থাসমূহৰ পৰা ইনপুট আছিল আৰু তাৰ ওপৰত ভিত্তি কৰি ৰাজ্যখনৰ আভ্যন্তৰীণ সুৰক্ষা বিভাগ আৰু চোৰাংচোৱা শাখাৰ সমন্বয়ত চলোৱা এক অভিযানত অভিযুক্তজনক জিম্মাত লোৱা হৈছিল অভিযুক্তজনক।
Bengaluru police arrest food delivery agent from Assam on terror charges
Read here: https://t.co/9rU0rvfnVs pic.twitter.com/APR7BLsTZt
— Express Bengaluru (@IEBengaluru) July 25, 2022