দেহৰ কোনো অংগ প্ৰথমতে অৱশ হয় , পিচত স্নায়ুবিলাক ইমান দুৰ্বল হৈ পৰে যে ইয়াৰ কাম কৰাৰ ক্ষমতা নাথাকে। শেষত এনে অংগ বিলাক অকামিলা হৈ মৰি যায় আৰু ঘা হয়। এনে হ’লে একাংগী ৰোগ হোৱা বুলি কোৱা হয়।
স্নায়ুৰ দোষতে সাধাৰণতে এই ৰোগ হ’ব পাৰে। ইয়াৰ উপৰিও বহুদিন ধৰি উচ্চ ৰক্তচাপ , বহুমূত্ৰ আদি ৰোগীৰো এই ৰোগ হোৱা দেখা যায়। বন দববেৰে আমি এই ৰোগৰ প্ৰতিৰোধ কৰিব পাৰো-
১) পিঁয়াজৰ ৰস নাকেৰে শুঙিব লাগে আৰু নাকত কেইটোপালমান পিঁয়াজৰ ৰস দিব লাগে।
২) চজিনা গুটিৰ পৰা তৈয়াৰ কৰা তেলেৰে অৱশ বা একাংগী হোৱা স্থান মালিচ কৰিব লাগে।
৩) মুখমণ্ডলত এই ৰোগে দেখা দিলে নহৰু ৪ / ৫ ফুটা বটি তিল তেলৰ লগত মিহলি কৰি ব্যৱহাৰ কৰিলে অতি সোনকালে এই ৰোগ আৰোগ্য হয়।
৪) নহৰু ১৪৪ গ্ৰাম , হিং , জিৰা , সৈন্ধৱ নিমখ , শুকান আদা , পিপলি আৰু জালুক প্ৰত্যেক বিধৰে ৫ গ্ৰামকৈ মিহলাই এৰা গছৰ শিপাৰ ক্কাথৰ লগত মিহলি কৰি খালে একাংগী ৰোগ ভাল হয়। এনেদৰে এসপ্তাহমান খাব লাগে।
৫) নহৰু ৪ / ৫ ফুটা অলপ মাখনৰ লগত খালে যথেষ্ট উপকাৰ পোৱা যায়।
৬) ভেদাইলতাৰ পাত তৰকাৰী কৰি খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিলে উপকাৰ পোৱা যায়।