বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাই গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৪ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ লোৱাৰ ফলত মহানগৰীত ১ আগষ্টৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য হ’ব ৬০টকা ৷ গো-পালক সংস্থাৰ এই সিদ্ধান্তৰ পিছতে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থায়ো ইতিমধ্যে এই মূল্য কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰত ৪ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
১ আগষ্টৰ পৰা এক লিটাৰ গাখীৰৰ মূল্য ৫০ টকাৰ ঠাইত ৫৪ টকা হ’ব আৰু চহৰখনৰ খুচুৰা বজাৰত প্ৰতি লিটাৰৰ মূল্য বৰ্তমানৰ ৫৬ টকাৰ বিপৰীতে হ’ব ৬০ টকা ।
বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ মতে, প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য এতিয়া ৫৩.৪০ টকা আৰু ই ১ আগষ্টৰ পৰা প্ৰতি লিটাৰত ৫৭.৪০ টকালৈ বৃদ্ধি পাব। ফলস্বৰূপে, প্ৰতি লিটাৰত ৫৬ টকাৰ ঠাইত চহৰখনত গাখীৰৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ৬০ টকালৈ বৃদ্ধি হ’ব।