৪ জি ইণ্টাৰনেট সেৱা ব্যৱাৰ কৰাটো আপোনাৰ বাবে আমনিদায়ক হৈছে নেকি ? ইণ্টাৰনেটৰ গতি অধিক হোৱাটো আপুনি বিচাৰিছে নেকি ? তেনেহ’লে আপোনাৰ বাবে আছে এক সুখবৰ ৷ শীঘ্ৰে দেশত আৰম্ভ হ’ব ৫ জি সেৱা ৷ অহা অক্টোবৰৰ পৰাই দেশত ৫ জি সেৱা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ৷ ইতিমধ্যে ৫ জি সেৱাৰ নিলাম সম্পন্ন কৰা হৈছে ৷ অক্টোবৰৰ পৰা ৫ জি সেৱা আৰম্ভ হ’লেও দেশৰ প্ৰতিখন স্থানতে উপলব্ধ নহ’ব এই সেৱা ৷ প্ৰাথমিকভাৱে দেশৰ কেইখনমান আগশাৰীৰ চহৰতহে এই সেৱা আৰম্ভ কৰা হ’ব ৷ দিল্লী, মুম্বাই, বেংগালুৰু, চেন্নাই আৰু পুনেৰ দৰে চহৰৰ গ্ৰাহকসকলে প্ৰথমে ৫জি সেৱা লাভ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে ৷
সোমবাৰে চৰকাৰে ৰিলায়েন্স জিঅ’, ভাৰতী এয়াৰটেল, ভোডাফোন আইডিয়াকে ধৰি চাৰিটা কোম্পানীৰ নিবিদাত ১.৫০ লাখ কোটিৰ স্পেকট্ৰম নিলাম সফলতাৰে সম্পূৰ্ণ কৰিলে ৷ ৫জি স্পেকট্ৰমৰ বাবে নিবিদা শেষ হোৱাৰ পিছত কেন্দ্রীয় তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে মুঠ ৭২,০৯৮ মেগাহার্জ স্পেকট্ৰমৰ ভিতৰত ৫১,২৩৬ মেগাহাৰ্টজ প্রায় ৭১ শতাংশ নিলামত বিক্ৰী হৈছে ৷ বিগত ৭ দিনত মুঠ ৪০টা ৰাউণ্ডৰ নিবিদা সম্পন্ন কৰা হৈছে। নিবিদাৰ মুঠ মূল্য ১,৫০,১৭৩ কোটি।