প্ৰয়াত শিল্পী ৰাজ মেধিৰ সোঁৱৰণত সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘‘প্ৰজন্ম’’ৰ উদ্যোগত গ্ৰীষ্ম বন্ধৰ সময়চোৱাত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰাইডঙীয়াত অনুষ্ঠিত হৈছিল নাটক কৰ্মশালা । ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত নাটক কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মংগলবাৰে নিশা তিনিখনি নাট মঞ্চস্থ কৰা হয় ।
ৰাইডঙীয়া ৰাজহুৱা মঞ্চত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শংকৰ জ্যোতি শৰ্মা আৰু ঋতু মেধিয়ে । পাছত নাট্য শিল্পী জ্যোতি প্ৰসাদ ভূঞাই উদ্বোধন কৰা মঞ্চত ধনঞ্জয় বৰদলৈৰ পৰিচালনাৰে কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ প্ৰশিক্ষাৰ্থীসকলে পৰিবেশন কৰে “বুঢ়ী আইতাৰ দেশ” শীৰ্ষক নাটকখনি । নিশা ৯ বজাৰ পৰা প্ৰাচুৰ্য্য প্ৰাণ নাথে পৰিচালনা কৰা “দেশতকৈ মোমাই ডাঙৰ নহয়” আৰু ১০ বজাত “ক্ষত বিক্ষত সময়” শীৰ্ষক নাটক দুখনি মঞ্চস্থ কৰা হয় ।
অনুষ্ঠানটিত “প্ৰজন্ম”ৰ সভাপতি অনুপম ৰাজখোৱা,নাট্য শিল্পী পংকজ বৰুৱা,ৰাহুল মেধি,প্ৰাঞ্জল ৰাজখোৱা,হেমন্ত কলিতাকে আদি কৰি পাঁচ শতাধিক দৰ্শকে উপস্থিত থাকি নাট তিনিখনি উপভোগ কৰে ।