চুলি আমাৰ বিশেষকৈ মহিলাৰ সৌন্দৰ্যৰ আধাৰ বুলি কোৱা হয় । কিচকিচকৈ ক’লা উজ্বল চুলিটাৰি কেৱল সৌন্দৰ্য বৰ্ধকেই নহয় , সুস্বাস্থ্যৰো পৰিচয় দিয়ে। বিভিন্ন কাৰণত চুলিৰ সমস্যাই দেখা দিয়ে। চুলি সৰাৰ চিন্তাই কেতিয়াবা মনত হতাশাৰ সৃষ্টি কৰিব পাৰে । চুলি সৰাৰ প্ৰতিকাৰৰ বিষয়ে জানো আহকচোন-
১) চুলি ধুলে অৰ্থাৎ চুলিত ছেম্পু ব্যৱহাৰ কৰিলে ছেম্পু যাতে চুলিত থাকিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিব লাগে।
২) চুলি তিতি থাকিলে জোৰেৰে আঁচুৰিব নালাগে।
৩) তিতা চুলি শুকুৱাইহে বান্ধিব লাগে।
৪) চুলিত বা মূৰত যি দ্ৰব্য দিলে এলাৰ্জী হয় , তেনে দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে।
৫) চুলিত সস্তীয়া ৰং , সঘনাই ৰং কৰা , ড্ৰায়াৰ ব্যৱহাৰ আদিয়ে চুলি বেয়া কৰে।
৬) চুলিত সদায় চাবোন ব্যৱহাৰ কৰিব নালাগে। সপ্তাহত দুদিন বা তিনি দিন চুলি ভালকৈ ধুব লাগে।
৭) সুমথিৰা টেঙাৰ দুচামুচ ৰসত এচামুচ মাটি কঁঠালৰ ৰস আৰু ছটোপাল মৌজোল মিহলাই চুলিৰ গুৰিত প্ৰায় এক -দুই ঘণ্টা সানি থৈ পিছত ধুই পেলাব লাগে।এনেদৰে মিশ্ৰণ তৈয়াৰ কৰি সপ্তাহত তিনি দিন মান সানিলে চুলি সৰা বন্ধ হয়।