অসমৰ পাছত এইবাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আন এখন চুবুৰীয়া ৰাজ্যই ৷ শীঘ্ৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি ) প্ৰস্তুত কৰিব মণিপুৰ চৰকাৰে ৷ আজি মণিপুৰ বিধানসভাই সৰ্বসন্মতিক্ৰমে দুজন সদস্যৰ ব্যক্তিগত প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যিক জনসংখ্যা আয়োগ গঠন কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাজ্যৰ বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত জেডি(ইউ)ৰ বিধায়ক খ জয়কিষানে এই প্ৰস্তাৱ দাখিল কৰে। তেওঁ দাবী কৰে যে ১৯৭১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহত ১৫৩.৩ শতাংশ জনসংখ্যা বৃদ্ধি হৈছে ৷ তদুপৰি ২০০১-২০১১ চনৰ সময়ছোৱাত এই বৃদ্ধিৰ পৰিমান হৈছে ২৫০.৯ শতাংশ ৷
জয়কিষানে কয় যে আন অঞ্চলসমূহৰ জনসংখ্যাও ১৯৭১ চনৰ পৰা ২০০১ চনলৈ ৯৪.৮ শতাংশ আৰু ২০০১ চনৰ পৰা ২০১১ চনলৈ প্ৰায় ১২৫ শতাংশ বৃদ্ধি পাইছে। মণিপুৰত বাহিৰৰ লোকৰ অনুপ্ৰৱেশ হোৱা বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ৷
মুখ্যমন্ত্রী এন বীৰেন সিঙে প্রস্তাৱসমূহৰ ওপৰত আলোচনাত অংশগ্রহণ কৰি কয় যে জনসংখ্যা আয়োগ প্রতিষ্ঠা কৰি ৰাজ্যত এন আৰ চি কার্যকৰী কৰাৰ পদক্ষেপে সদনৰ সকলো সদস্যৰ সামূহিক অকাংক্ষা পূৰণ কৰিব৷
ইফালে, উত্তৰ-পূবৰ ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ বাবে এটা নিৰ্দিষ্ট বছৰক ভিত্তি বর্ষ হিচাপে লৈ এন আৰ চি উন্নীতকৰণৰ দাবী উত্থাপন কৰিছে কেইবাটাও নাগৰিক সংস্থাই ৷