মালায়ালাম ছবি জগতৰ জনপ্ৰিয় বোলছবি তথা টেলিভিছন অভিনেত্ৰী সাৰান্য সাচিৰ ৩৫ বছৰ বয়সত মৃত্যু হ’য়।অভিনেত্ৰী গৰাকীৰ অকাল মৃত্যুয়ে এতিয়া মালায়ালাম ছবি জগতত শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে অভিনেত্ৰী গৰাকী যোৱা এটা বছৰ ধৰি ব্ৰেইন টিউমাৰ ৰোগত ভুগি আছিল।কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হোৱা অভিনেত্ৰী গৰাকী শেহতীয়াকৈ অৰ্থাৎ মে’ মাহত ক’ভিডটো আক্ৰান্ত হৈছিল।
ক’ভিডক জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকী পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত অৱশেষত কেৰেলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত অকাল মৃত্যুক সাৱটি লয়।
দীৰ্ঘদিন ধৰি ৰোগৰ সৈতে যুঁজিবলৈ তেওঁ আৰ্থিকভাৱে অপাৰগ হোৱাত সেইসময়ত তেওঁৰ লগৰ বহু বন্ধু-বান্ধৱী তথা শুভাকাংক্ষীয়ে আৰ্থিক সহায় কৰি চিকিৎসা প্ৰদান কৰাইছিল আভিনেত্ৰী গৰাকীক।
সাৰান্য সাচিৰ ঘৰ কেৰেলাৰ কান্নোৰ জিলাৰ পাজায়ান গাদিত।দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় নায়িকা সাৰান্যই মালায়ালাম ছবি চত্তা মুম্বাই, চাকো ৰন্দমনত সাৱলীল অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল।