অর্থনৈতিক অৱস্থাত জুৰুলা শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি ভাৰতৰ চুবুৰীয়া ৰাজ্য বাংলাদেশৰ ? হঠাৎ দেশখনত বিভিন্ন সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ পাছতে অর্থনৈতিক দুৰৱস্থাৰ আশংকা ঘনীভুত হৈ পৰিছে ৷ বিশেষকৈ আকাশলংঘী হৈছে ইন্ধনৰ মূল্য ৷ স্বাধীনতাৰ পাছত বাংলাদেশত ইন্ধনৰ মূল্য সর্বাধিক বৃদ্ধি হৈছে ৷ ১৯৭১ চনত দেশখনে লাভ কৰা স্বাধীনতাৰ পিছত সর্বাধিক হাৰত বৃদ্ধি কৰা হৈছে খুচুৰা ইন্ধনৰ মূল্য। শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বাংলাদেশ চৰকাৰে শুকুৰবাৰে নিশা ইন্ধনৰ মূল্য ৫১.৭ শতাংশ পৰ্যন্ত বৃদ্ধি কৰে বুলি সংবাদ সংস্থা জিনহুয়াই প্ৰকাশ কৰিছে।
ইয়াৰ লগে লগে প্ৰতি লিটাৰ অক্টেনৰ দাম ১৩৫ টাকা (১.৪৩ ডলাৰ) লৈ বৃদ্ধি পালে ৷ যিটো পূর্বে ৮৯ টাকাত উপলব্ধ হৈছিল ৷ অর্থাৎ ইন্ধনৰ মূল্য ৫১.৭ শতাংশ বৃদ্ধি কৰা হৈছে ৷
ডিজেল আৰু কেৰাচিনৰ মূল্য ৪২.৫ শতাংশ বৃদ্ধি কৰাৰ লগে লগে প্ৰতিলিটাৰত বংলাদেশৰ টকাৰ হিচাপত মূল্য ১১৪ টাকালৈ বাঢ়ি যায় ৷ লগতে, প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম এতিয়া ১৩০ টাকা হ’ব ৷ পেট্ৰলৰ মূল্য ৪৪ টাকা বঢ়োৱা হৈছে ৷ চৰকাৰী বিতৰণ কোম্পানীসমূহৰ ওপৰত ৰাজসাহায্যৰ বোজা হ্ৰাস কৰাৰ বাবে খুচুৰা পৰ্যায়ত শেহতীয়া মূল্যবৃদ্ধি অনিবাৰ্য হৈ পৰা বুলি চৰকাৰে সদৰী কৰিছে ৷
বিশেষজ্ঞসকলে জনোৱা মতে ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত মুদ্ৰাস্ফীতি অধিক ভয়াৱহ হৈ পৰিব ৷ যিটো জুন মাহত ৭.৫৬ শতাংশলৈ বৃদ্ধি পাইছে ৷ এয়া প্ৰায় ৯ বছৰৰ ভিতৰত সৰ্বাধিক মুদ্ৰাস্ফীতিৰ হাৰ।