নাক কেতিয়াবা আমাৰ সোপা মাৰি ধৰে । বিশেষকৈ পানী লাগিলে আমাৰ নাক সোপা মাৰি ধৰা দেখা যায়। এনেকুৱা অৱস্থাত আমি উশাহ লবলৈ অসুবিধা পাওঁ। উশাহ লবলৈ কষ্ট হোৱাত ৰাতি টোপনি ভাল নহয়। সৰু লৰা-ছোৱালীৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ সমস্যা হৈ পৰে। নাকেৰে উশাহ লবলৈ নোৱাৰা হোৱাত মুখেৰে তেওঁলোকে উশাহ লবলৈ বাধ্য হয়। শুই থকা অৱস্থাত মুখখন বন্ধ হৈ যোৱা বাবে উশাহ লবলৈ নোৱাৰি শিশু সকলে বৰকৈ আমনি কৰা দেখা যায়। বন দৰবেৰে আমি নাক সোপা মাৰি ধৰাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ কিন্তু কেনেকৈ ? জানো আহক-
১) বকফুল আৰু বকফুলৰ পাত ২৫ গ্ৰাম ভালদৰে খুন্দি নাকেৰে শুঙিব লাগে। এনেদৰে কেইবাৰমান শুঙিলে নাক সোপা মাৰি ধৰা ৰোগ ভাল হয়।
২) দোৰোণ বনৰ পাতৰ ৰস নাকত টোপ টোপকৈ পৰিবলৈ দিলে নাক সোপা মাৰি ধৰা ৰোগ আৰোগ্য হয়।
৩) মৰাণ আদা , মৌজোল আৰু তুলসীৰ ৰস খালে নাক সোপা মাৰি ধৰাৰ পৰা আমি সকাহ পাওঁ।
৪) লাইজাবৰি পাতত দি তাৰ ভাপ নাকেৰে শুঙিলে নাক সোপা মাৰি ধৰা ভাল হয় আৰু উশাহ লবলৈ সুবিধা হয়।
৫) নহৰু থেতেলিয়াই নাকেৰে শুঙিলে নাক সোপা মাৰি ধৰা ভাল হয়।