আজি পুৱা ৰাজস্থানৰ চিকাৰ জিলাৰ খাতু শ্যাম মন্দিৰত অগণন ভক্তৰ সমাবেশত হেচা থেলাৰ পিছত এক শোকাবহ ঘটনা সংঘটিত হয় ৷ উক্ত ঘটনাত তিনিগৰাকী মহিলা ভক্ত নিহত হোৱাৰ লগতে আন দুজন ভক্ত আহত হয়।
উক্ত ঘটনা সন্দৰ্ভত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে খাতুশ্যামজী মন্দিৰ ভ্ৰমণৰ বাবে শুভ বুলি গণ্য কৰা একাদশীৰ বাবে, দেওবাৰে সন্ধিয়াৰ পৰা ৰাজস্থান আৰু অন্যান্য ৰাজ্যৰ পৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰী মন্দিৰৰ বাহিৰত সমবেত হৈছিল।আনহাতে মূল মন্দিৰৰ পৰা প্ৰায় ৭০ ফুট দূৰত বহু সংখ্যক লোকে মন্দিৰৰ বাহিৰত অপেক্ষা কৰি আছিল। আজি পুৱা ৫.১৫ বজাত গে’ট খোলাৰ লগে লগে ভক্ত সকল মন্দিৰ দৰ্শনৰ বাবে প্ৰায় দৌৰি আহিছিল যাৰ ফলত থিতাতে তিনিগৰাকী মহিলা নিহত হয় আৰু আন দুজনো আঘাতপ্ৰাপ্ত হয় ৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে খাতু শ্যাম মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে মন্দিৰৰ ফালে ঢাপলি মেলাৰ ফলতেই উক্ত শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে জনোৱা মতে এতিয়ালৈকে নিহত মহিলা কেইগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই ৷
শাওন মাহৰ প্ৰতি একাদশীত এনেদৰে মন্দিৰত ভগৱান খাতু শ্যামজীৰ পূজাৰ বাবে বহুতো ভক্তৰ সমাগম হয় ৷ অনুমান অনুসৰি আজি মন্দিৰৰ বাহিৰত একাদশীৰ পূজাৰ বাবে প্ৰায় ১ লাখতকৈও অধিক ভক্তৰ সমাগম ঘটিছিল । যাৰ ফলত ভক্তৰ হেঁচা থেলাত অৱশেষত মৃত্যু মুখত পৰে তিনিগৰাকীকৈ মহিলা ৷
Saddened by the loss of lives due to a stampede at the Khatu Shyamji Temple complex in Sikar, Rajasthan. My thoughts are with the bereaved families. I pray that those who are injured recover at the earliest.
— Narendra Modi (@narendramodi) August 8, 2022
सीकर में खाटूश्याम जी के मंदिर में भगदड़ होने से 3 दर्शनार्थी महिलाओं की मृत्यु बेहद दुखद एवं दुर्भाग्यपूर्ण है। मेरी गहरी संवेदनाएं शोकाकुल परिजनों के साथ हैं, ईश्वर उन्हें यह आघात सहने की शक्ति प्रदान करें एवं दिवंगतों की आत्मा को शांति प्रदान करें।
— Ashok Gehlot (@ashokgehlot51) August 8, 2022