আজি ৰাজ্যজুৰি ৰাজ্যৰ বিদ্যুৎ কৰ্মচাৰী সকলৰ প্ৰতিবাদ ৷ বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ৰ বিৰোধিতাত পানবজাৰস্থিত বিজুলী ভৱনত আজি প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ বিদ্যুৎ কৰ্মচাৰী সকলে ৷
উল্লেখযোগ্য যে সংসদৰ চলিত অধিবেশনত বিদ্যুৎ সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকল আজি হাতত লৈছে এই প্ৰতিবাদী কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে দিয়া লিখিত প্ৰতিশ্ৰুতি ভংগ কৰি সংগোপনে সংসদত এই বিদ্যুৎ সংশোধনী বিধেয়ক উত্থাপনৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে ৷ সেয়েহে এই বিধেয়কৰ বিৰুদ্ধে আজি গুৱাহাটীৰ পানবজাৰত অৱস্থিত বিজুলী ভৱনত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সজু হৈছে বিজুলী বিভাগৰ কৰ্মচাৰী সকল ৷