পশ্চিম বংগ আৰক্ষীয়ে ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়কসকলৰ পৰা নগদ ধন জব্দ কৰা তদন্ত সন্দৰ্ভত অসমস্থিত ব্যৱসায়ী অশোক কুমাৰ ধনুকালৈ এক চমন জাৰি কৰে ৷ এক প্ৰতিবেদন অনুসৰি, পশ্চিম বংগৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি)সোমবাৰে গুৱাহাটীৰ ব্যৱসায়ী অশোক কুমাৰ ধনুকাক কলকাতাত অনুসন্ধানকাৰীৰ সন্মুখত হাজিৰ হ’বলৈ তেওঁৰ বাসগৃহত এক জাননী জাৰি কৰে ।
লক্ষণীয়ভাৱে ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়ক ক্ৰমে ইৰফান আনছাৰী, ৰাজেশ কচচাপ আৰু নমন বিক্সাল কোঙাৰীক পশ্চিম বংগ আৰক্ষীয়ে ৩১ জুলাইত হাওৰাত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই বিধায়কসকলৰ এছইউভিৰ পৰা জব্দ কৰা হয় প্ৰায় ৫০ লাখ টকা নগদ ধন । পৰৱৰ্তী সময়ত পশ্চিম বংগ অপৰাধ অনুসন্ধান বিভাগে পশ্চিম বংগ আৰক্ষীৰ পৰা এই তদন্তৰ দায়িত্ব গ্ৰহণ কৰে।