আজি অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতি দিৱস । তেওঁ আছিল গুৱাহাটীৰ দ্য ছেণ্টিনেল কাকত গোষ্ঠীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকত ‘আজিৰ অসম’ৰ শিৱসাগৰৰ সংবাদদাতা । নিৰ্ভীক, নিৰপেক্ষ আৰু সৎ সাংবাদিক আছিল তেওঁ । সেইবাবে তেওঁ পৰিৱেশন কৰা বাতৰিয়ে বহুতৰে চকুৰ টোপনি হৰিছিল । হয়তো তেনে কাৰণতে অজ্ঞাত আততায়ীয়ে ১৯৯১ চনৰ আজিৰ দিনটোতে তেওঁক গুলীয়াই হত্যা কৰে । এইগৰাকী শ্বহীদ সাংবাদিকলৈ আমাৰ প্ৰণাম ।