প্ৰচুৰ পৰিমানে ভিটামিন চি থকা এবিধ উত্তম ফল হ’ল আমলখি। আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।সদায় ৰাতিপুৱা খালি পেটত আমলখি খালে শৰীৰ নিৰোগী হৈ থাকে। আমলখিয়ে শৰীৰটোক বহুতো বেমাৰৰ পৰা ৰক্ষা কৰে। জানো আহক আমলখিৰ উপকাৰিতাৰ বিষয়ে-
১) কম বয়সীয়া লৰা -ছোৱালীৰ ক্ষেত্ৰত বা সময়তকৈ আগতে চকুত চানি পৰা ৰোগে দেখা দিলে এই ৰোগত আমলখি অতি উপকাৰী। ১চামুচ মৌ আৰু আমলখিৰ গুড়ি মিশ্ৰণ কৰি খালে চকুৰ দৃষ্টি শক্তি ঠিকে থাকে।
২) মুখৰ ভিতৰত ঘাঁ হ’লে গৰম পানীৰ লগত ২ টেবুল চামুচ আমলখিৰ ৰস মিহলাই কুলি কুলি কৰিলে যথেষ্ট আৰাম পোৱা যায়।
৩) কেতিয়াবা বমি বমি ভাৱ আহিলে আমলখিৰ ৰসৰ লগত এটুকুৰা মিছিৰি মিহলাই খালে যথেষ্ট উপশম পোৱা যায়।
৪) আমলখি খালে শৰীৰৰ দুষিত সকলো পদাৰ্থ মল হিচাপে বাহিৰ হয়। গতিকে লিভাৰৰ লগতে পেটো পৰিষ্কাৰ হৈ থাকে।
৫) আমলখি খালে ক’লেষ্টেৰল নিয়ন্ত্ৰণত থাকে।
৬) আমলখিয়ে হাঁপানিৰ সমস্যা কম কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে।
৭) আমলখিত থকা প্ৰ’টিন আৰু এমিন’ এচিডে চুলি সৰা কমোৱাৰ লগতে চুলিৰ গুৰি মজবুত কৰে।