আজি বিশিষ্ট অভিনেতা তছদ্দুক ইউছুফৰ স্মৃতি দিৱস । তেওঁ অসমীয়া চলচ্চিত্ৰ, নাট্যমঞ্চ আৰু অনাতাঁৰ কেন্দ্রৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল । তদুপৰি তেওঁ এগৰাকী নাট পৰিচালকো আছিল । তেওঁ ৰেডিঅ’ত খেলৰ চলন্ত বিবৰণীও দিছিল । ১৯৫৬ চনত মুক্তি পোৱা ‘সৰাপাত’ চলচ্চিত্ৰত অভিনয়ৰ যোগেদি তেওঁ চলচ্চিত্ৰ জগতখনত খোজ দিছিল । তাৰ পিছত তেওঁ এৰা বাটৰ সুৰ, চিকমিক বিজুলী, বৰুৱাৰ সংসাৰ, অৰণ্য, পুতলাঘৰ, নিয়তি, দূৰণিৰ ৰং আদি অনেক চলচ্চিত্ৰত অভিনয় কৰিছিল । ১৯৮২ চনৰ আজিৰ দিনটোতে এক ৰহস্যজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হৈছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক অতুল বৰদলৈৰ স্মৃতি দিৱস । ১৯৭০ চনত মুক্তিপ্ৰাপ্ত ‘অপৰাজেয়’ চলচ্চিত্ৰখনৰ পৰিচালনাৰে তেওঁ চলচ্চিত্ৰৰ জগতখনত প্ৰৱেশ কৰিছিল । তেওঁ পৰিচালনা কৰা ‘কল্লোল’ নামৰ চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল । তেওঁ বনৰীয়া ফুল, অনুতাপ, মেঘ আদি কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰিছিল । তেওঁ এগৰাকী সাংবাদিকো আছিল । ‘নতুন অসমীয়া’ নামৰ এখন দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক আছিল তেওঁ । ২০১০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ ব্যংগ লেখক হৰিশংকৰ পৰসাঈৰ স্মৃতি দিৱস । তেওঁ এগৰাকী গল্পকাৰ, ঔপন্যাসিক তথা নিবন্ধকাৰো আছিল । কিন্ত মূলতঃ এগৰাকী ব্যংগ লেখক হিচাপে তেওঁ বিশেষ খ্যাতি অৰ্জন কৰিছিল । হসতে হেই ৰোতে হেই, জেইছে উনকে দিন ফিৰে আদি তেওঁৰ গল্প সংকলন । তট কী খোজ, জ্বালা ঔৰ জল আদি উপন্যাস । তিৰছী ৰেখায়ে তেওঁৰ স্মৃতি কথা । ভূত কে পাৱ পিছে, প্ৰেমচন্দ কে ফটে জুতে, সদাচাৰ কা তাবিজ আদি ব্যংগ ৰচনা সংকলন । বিকলাংগ শ্ৰদ্ধা কা দৌৰ গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৫ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ জবলপুৰত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।