হৃদৰোগত আক্ৰান্ত হৈছে জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ ৷ সেয়েহে আজি দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক । তেওঁৰ ভাতৃয়ে জানিবলৈ দিয়া মতে অভিনেতাজন হৃদৰোগত আক্ৰান্ত হৈছে ৷ জানিব পৰা মতে ৰাজুৱে জিমত ব্যায়াম কৰি আছিল আৰু হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত অজ্ঞান হৈ পৰিছিল। অৱশ্যে ৰাজুক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে অভিনেতাগৰাকী ৷ খবৰ অনুসৰি শ্ৰীবাস্তৱ মৃদু আক্ৰমণত ভুগিছিল আৰু বৰ্তমান তেওঁ চিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দি আছে ৷
৫৮ বছৰীয়া ৰাজু শ্ৰীবাস্তৱে ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’, ‘বিগ বছৰ চিজন ৩’, ‘দেখ ভাই দেখ’ আৰু ‘বোম্বাই টু গোৱা’ আৰু’ টয়লেট: এক প্ৰেম কথা’ৰ দৰে কেইবাটাও টেলিভিছন অনুষ্ঠানৰ অংশ হৈ সময়ে সময়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
ৰাজু শ্ৰীবাস্তৱৰ পিআৰ অজিত চাক্সেনাই সংবাদ মাধ্যমক কৈছিল যে কৌতুক অভিনেতাজন কেইজনমান ৰাজনৈতিক নেতাক লগ কৰিবৰ বাবে দিল্লীত আছিল আৰু জিমত থাকোতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। চাক্সেনাই লগতে কৈছিল যে অভিনেতাগৰাকীৰ স্পন্দন পুনৰ সমিক স্থানলৈ আহিছে আৰু বৰ্তমান আৰু তেওঁ আইচিইউত আছে।
সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগেই তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ অনুৰাগীসকলে ।