আজি ত্যাগবীৰ হেম বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজ সেৱক তথা সাহিত্যিক । তেওঁ ১৯১৮ চনত কটন কলেজ ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক হৈছিল । ১৯১৯ চনত তেওঁ অসম ছাত্ৰ সন্মিলনৰো প্ৰধান সম্পাদক হৈছিল । ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা বাবে তেওঁ পাঁচ মাহৰ সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল । ১৯২২ চনত তেওঁ অসম প্ৰাদেশিক কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব লৈছিল । অসমত তেওঁ ভাৰত ত্যাগ আন্দোলনৰ নেতৃত্ব দিছিল । তেওঁৰ প্ৰচেষ্টাতে তেজপুৰ একাডেমীৰ প্ৰতিষ্ঠা হৈছিল । তেওঁ বাঁহী আলোচনীত বিভিন্ন প্ৰবন্ধ-পাতি লিখিছিল । তদুপৰি তেওঁ কংগ্ৰেছ বুৰঞ্জী, বিলাতত মহাত্মা আদি গ্ৰন্থ লিখিছিল । তেওঁ সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁক ত্যাগবীৰ বোলা হয় । ১৯৪৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, গৱেষক, সমালোচক তথা বুৰঞ্জীবিদ সত্যেন্দ্ৰনাথ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক আছিল । স্কুলীয়া দিনতেই হাতে লিখা আলোচনী ‘ফুলনি’ত তেওঁৰ কবিতা, প্ৰবন্ধ আদি প্ৰকাশ পাইছিল । ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ তেওঁৰ অমৰ কীৰ্তি । তদুপৰি বাণী দীপ, অসমীয়া নাট্য সাহিত্য, অসমীয়া উপন্যাসৰ গতিধাৰা, ৰামায়ণৰ ইতিবৃত্ত আদি তেওঁৰ প্ৰকাশিত পুথি ।তেওঁ এগৰাকী ভাল অনুবাদকো আছিল । ১৯৯১ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে । ১৯৮৭ চনত অসম সাহিত্য সভাই তেওঁক ‘সাহিত্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰে । ১৯৭৫ চনত তিতাবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৯৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিক গৰাকীলৈ আমাৰ প্ৰণাম ।