আজি জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা শিবিৰ ভংগ কৰিবলৈ চেষ্টা কৰা দুই সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰে। অৱশ্যে সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত তিনিজন সেনা জোৱানেও প্ৰাণ হেৰুৱাই বুলি জানিব পৰা গৈছে ।
সন্ত্ৰাসবাদীয়ে এটা সেনা শিবিৰত আত্মঘাতি আক্ৰমণৰ চেষ্টা কৰাৰ পিছতেই দুই পক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয় আৰু এই গুলীয়াগুলীত কেইবাজনো সেনা জোৱান আহত হয় বুলি ভাৰতীয় সেনাই জানিবলৈ দিয়ে।
ভাৰতীয় সেনাবিষয়াসকলে কয় যে সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত সেনা জোৱানসকলৰ ভিতৰত এজন বিষয়াও আছে আৰু তেওঁক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ১৬ কৰ্পছ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনজিন্দৰ সিঙে নিৰন্তৰ ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ইতিমধ্যে অঞ্চলটো পৰিস্কাৰ কৰা হৈছে ।
জম্মু অঞ্চলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি কোনোবাই ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগলত সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল অৰু তেতিয়াই দুই পক্ষৰ মাজত গুলীবিনিময় হৈছিল। দৰহাল আৰক্ষী চকীৰ পৰা ৬ কিলোমিটাৰ দূৰত অৱস্থিত উক্ত স্থানলৈ অতিৰিক্ত সেনা প্ৰেৰণ কৰা হৈছিল আৰু এই সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হয় ৷
উল্লেখ্য যে বুধবাৰে, বুদগামত নিৰাপত্তাবাহিনীৰ দ্বাৰা তিনিজন এলইটি সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছিল। নিহত সন্ত্ৰাসবাদীসকলৰ এজন সাধাৰণ লোক ৰাহুল ভাট আৰু অমৰিন ভাটৰ হত্যাত জড়িত আছিল।
স্বাধীনতা দিৱস উদযাপনৰ আগতে হোৱা এই আক্ৰমণটোৰ বাবে ইতিমধ্যে দেশৰ আৰক্ষী আৰু সুৰক্ষা বাহিনী অধিক সতৰ্ক হৈ উঠিছে ।
Op Contact
2 terrorists trying to sneak into a post in the dark at Pargal #Rajouri were detected and engaged by alert troops.
The terrorists have been neutralised.
5 soldiers also suffered injuries and are being treated. @NorthernComd_IA @adgpi pic.twitter.com/dgUaFouIAB— White Knight Corps (@Whiteknight_IA) August 11, 2022