জম্মু-কাশ্মীৰৰ বান্দিপোৰাত মহম্মদ আমৰেজ নামৰ বিহাৰৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিবপৰামতে তেওঁ বিহাৰৰ মাধেপুৰাৰ বাসিন্দা আছিল আৰু সোদনাৰাত কাম কৰি আছিল।সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতেই তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা আমৰেজে মৃত্যুবৰণ কৰিছিল ।
মৃত আমৰেজৰ ভাতৃয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁলোকে মাজনিশাৰ পিছতে গুলীচালনাৰ শব্দ শুনিছিল। তেওঁলোকে প্ৰথমতে ভাবিছিল যে আমৰেজ শৌচাগাৰলৈ গৈছে কিন্তু পিছত তেওঁলোকে তেওঁক তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰিছিল।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে আজি কয় যে উত্তৰ কাশ্মীৰৰ বান্দিপোৰাত উগ্ৰপন্থীয়ে এজন শ্ৰমিকক গুলীয়াই হত্যা কৰে ৷ আৰক্ষীৰ মতে মাজনিশা (১১-১২ আগষ্ট) সন্ত্ৰাসবাদীয়ে বান্দিপোৰাৰ চ’দনাৰা চুম্বলত বিহাৰৰ মাধেপুৰা বেচাৰৰ শ্ৰমিক মহম্মদ আমৰেজৰ ওপৰত গুলীচালনা কৰে ।
উক্ত ঘটনাটো নিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল আৰু তেওঁক ওচৰৰ পৰা গুলীবৰ্ষণ কৰা হৈছিল। আনহাতে জানিবপৰা মতে ভুক্তভোগীজন এজন স্থানীয় লোকৰ ঘৰত আছিল ৷
উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত হোৱা আক্ৰমণত ৪ জন কৰ্মী নিহত হোৱাৰ ঠিক এদিন পিছতেই এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হয়।