সমগ্ৰ দেশতে দিনে দিনে বৃদ্ধি পাইছে হত্যা ,লুণ্ঠন নাইবা ধৰ্ষণৰ শিহৰণকাৰী ঘটনা ৷এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অসম ৷ অসমৰ বিভিন্ন জিলাক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণ কেন্দ্ৰীক ঘটনা ৷ এইবাৰ এই ক্ষেত্ৰত ৰক্ষা নাপালে এগৰাকী মানসিক ভাৱে অক্ষম ছোৱালীয়েও ৷
আজি মাজুলীত এগৰাকী মানসিক ভাৱে অক্ষম ছোৱালীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে দুজন ব্যক্তিৰ বিৰুদ্ধে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছত, স্থানীয় আৰক্ষীয়ে দুয়ো অভিযুক্তকে গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰাসঙ্গিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে।
জানিব পৰা মতে অভিযুক্তসকলক সঞ্জীৱ দাস আৰু ৰাজ দাস বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।