ভাৰাঘৰৰ ক্ষেত্ৰত জি এছ টি আৰোপ কৰাৰ বাতৰিয়ে বৰ্তমান সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এই নতুন নিয়মক লৈ সন্দেহ দূৰ কৰিলে চৰকাৰে ৷চৰকাৰে জানিবলৈ দিয়া মতে কিছুমান বিশেষ পৰিস্থিতিত হে ভাৰাতীয়াই ঘৰ ভাৰাৰ ওপৰত পৰিশোধ কৰিব লাগিব ১৮% জি এছ টি ৷
চৰকাৰে শুক্ৰবাৰে এই কথা স্পষ্ট কৰিছে যে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ভাৰাঘৰৰ ক্ষেত্ৰত হে প্ৰযোজ্য হ’ব ১৮% শতাংশ জি এছ টিৰ নীতি ৷ ব্যক্তিগত ব্যৱহাৰৰ ভাৰাঘৰৰ ক্ষেত্ৰত এই জি এছ টি নীতি আৰোপ কৰা নহ’ব ৷ চলিত বৰ্ষৰ ১৮জুলাই তাৰিখে জি এছ টি কাউন্সিলে সালসলনি কৰা জি এছ টি সম্বন্ধীয় নিয়ম সমূহৰ অন্তৰ্ভূক্ত আছিল এই ভাৰাঘৰ সম্পৰ্কীয় নিয়ম ৷
এই নিয়ম অনুসৰি এতিয়া কিছুমান বিশেষ পৰিস্থিতিত ভাৰাতীয়াই ঘৰ ভাৰাৰ ক্ষেত্ৰত পৰিশোধ কৰিব লাগিব জি এছ টি ৷ কোনো ব্যৱসায়ী বা ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰ ভাৰালৈ দিলে পৰিশোধ কৰিব লাগিব জি এছ টি ৷ নিয়ম অনুসৰি জি এছ টিৰ অধীনত পঞ্জীয়নভূক্ত কোনো ব্যৱসায়ী বা ব্যৱসায়িক প্ৰতিষ্ঠানে যদি ব্যৱসায় সংক্ৰান্তত ঘৰ ভাৰালৈ লয় তেন্তে তেওঁলোকে পৰিশোধ কৰিব লাগিব ১৮% জিএছটি ৷
জি এছ টিৰ এই নিয়মত ভাৰাতীয়াই পৰিশোধ কৰা টেক্সৰ ওপৰত ইনপুট টেক্স ক্ৰেডিট ক্লেইম কৰাৰো ব্যৱস্থা থাকিব ৷
অৱশ্যে নিজা ব্যৱহাৰৰ বাবে ভাৰালৈ লোৱা ঘৰৰ ক্ষেত্ৰত জি এছ টি পৰিশোধ কৰিব নালাগিব ভাৰাতীয়াই ৷ আনহাতে যদি ঘৰ ভাৰালৈ লোৱা ব্যৱসায়ী বা ব্যৱসায়িক প্ৰতিষ্ঠান জি এছ টিৰ অধীনত পঞ্জীয়নভুক্ত নহয় তেতিয়াও তেওঁলোক এই জি এছ টি পৰিশোধ ব্যৱস্থাৰ পৰা মুক্ত হৈ থাকিব ৷
আনফালে যদি কোনো ব্যক্তি জি এছ টিৰ অধীনত পঞ্জীয়নভুক্ত নহয় কিন্তু নিজৰ ঘৰ জি এছ টি পঞ্জীয়নভুক্ত ব্যক্তিক বা প্ৰতিষ্ঠানক ভাৰালৈ দিয়ে তেন্তে ভাৰাতীয়াই এই ক্ষেত্ৰত ১৮% জি এছ টি বহন কৰিব লাগিব ৷
যদি কোনোৱে আবাসিক সম্পত্তি কৰ্মাচাৰী থাকিবলৈ বা গেষ্ট হাউছ হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰালৈ লয় তেন্তে এইক্ষেত্ৰত ভাৰাতীয়াই পৰিশোধ কৰিব লাগিব ১৮% জি এছ টি ৷ যদি ঘৰৰ মালিক জি এছ টি পঞ্জীয়নভুক্ত নহয়ো তথাপি এই কৰ দিব লাগিব ৷ কিন্তু দুই পক্ষৰ যদি এটা পক্ষও জি এছ টি পঞ্জীয়নভুক্ত নহয় তেন্তে তেওঁলোক এই কৰৰ পৰা মুক্ত হৈ থাকিব ৷
নিজা ব্যৱহাৰৰ বাবে ঘৰ বা ফ্লেট ভাৰালৈ ল’লে জি এছ টি পৰিশোধ কৰিব নালাগিব ঘৰটোৰ মালিক নাইবা ভাৰাতীয়াই ৷