আজি প্ৰথিতযশা সাংবাদিক কুলদীপ নায়াৰৰ ওপজা দিন । অবিভক্ত ভাৰতৰ (বৰ্তমানৰ পাকিস্তান) পঞ্জাব প্ৰদেশৰ শিয়ালকোটত ১৯২৩ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । এগৰাকী ৰাজনৈতিক বিশ্লেষক হিচাপে তেওঁ বিশেষভাৱে প্ৰসিদ্ধ । তেওঁৰ মাতৃভাষা উৰ্দু যদিও তেওঁ মুখ্যতঃ ইংৰাজী ভাষাতে লিখিছিল । দৈনিক আনজাম নামৰ উৰ্দু দৈনিক কাকত এখনত ৰিপোৰ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলা কুলদীপ নায়াৰ দিল্লীৰ পৰা প্ৰকাশিত দৈনিক ষ্টেটছমেন কাকতৰ আৱাসিক সম্পাদক আছিল । তেওঁৰ বিটুইন দ্য লাইন শীৰ্ষক স্তম্ভলেখা অতি জনপ্ৰিয় আছিল । তেওঁ এগৰাকী সুলেখকো আছিল । তেওঁ কেইবাখনো চিন্তাগধুৰ গ্ৰন্থ লিখি থৈ গৈছে । ঐতিহাসিক অসম আন্দোলনৰ প্ৰতি তেওঁৰ বিশেষ সমৰ্থন আছিল ।১৯৯০ চনত তেওঁ লণ্ডনত ভাৰতৰ উচ্চায়ুক্ত নিযুক্ত হয় । ১৯৯৭ চনত ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয় । এইগৰাকী সাংবাদিক, চিন্তাবিদলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট নাট্যকাৰ তথা কবি বাৰ্টোল্ট ব্ৰেখটৰ স্মৃতি দিৱস । ১৯৩৩ চনত নাজী বাহিনীৰ অত্যাচাৰত তেওঁ নিৰ্বাসিত হ’বলগীয়া হয় । দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁ বাৰ্লিনলৈ উভতি আহি তেওঁৰ পত্নী তথা অভিনেত্ৰী হেলেন ভেইগেলৰ সৈতে বাৰ্লিনাৰ এনছেম্বল নামৰ এটা নাট্য সংস্থা গঠন কৰে । তেওঁৰ সাহিত্য কৰ্মৰ ভিতৰত থ্ৰী পেনী অপেৰা, লাইফ অব গেলিলিঅ’, দ্য ককেছিয়ান চক চাৰ্কল আদি উল্লেখযোগ্য । মহাকাব্যিক নাট্যকলাৰ বাবে তেওঁ বিখ্যাত । ১৯৫৬ চনৰ আজিৰ দিনটোতে পূব বাৰ্লিনত তেওঁৰ দেহাৱসান ঘটে । বিশিষ্ট নাট্যকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।