ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া উদযাপনৰ বাবে সমগ্ৰ দেশৰ ৭৫ জন শিল্পীয়ে পৰিবেশন কৰিলে এটি দেশপ্ৰেমমূলক গীত ‘জয় হে ২.০’ । ‘জয় হে ২.০’ শীৰ্ষক এই গীতটোৰ ৰচনা আৰু পৰিচালনা সৌৰেন্দ্ৰ মল্লিক আৰু সৌম্যজিত দাসৰ , যাক সৌৰেন্দ্ৰ-সৌম্যজিৎ যুটি বুলি জনা যায়। এই গীতটো হৈছে ১৯১১ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা ভাৰত ভাগ্য বিধাতাৰ সম্পূৰ্ণ পাঁচটা শ্লোকৰ উপস্থাপন। গানটোৰ প্ৰথম কলিটো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ হিচাপে গ্ৰহণ কৰা হৈছে।
কলকাতাস্থিত ৰিয়েল ইষ্টেট কোম্পানী অম্বুজা নিওটিয়াৰ ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টোৰ বৰ্ণনাত কোৱা হৈছে যে জয় হে ২.০ হৈছে ভাৰত ভাগ্য বিধাতা ওৰফে জন গণ মনৰ সম্পূৰ্ণ ৫ টা শ্লোকৰ উপস্থাপন, এক কালজয়ী সুৰ যি আমাক আমাৰ মৰমৰ মাতৃভূমিৰ প্ৰতি গৌৰৱ, মৰম, প্ৰশংসা আৰু শ্ৰদ্ধাৰে ভৰাই তোলে।
‘জয় হে ২.০’ত কণ্ঠদান কৰা শিল্পীসকলৰ ভিতৰত আছে আশা ভোচলে, কুমাৰ চানু, হৰিহৰণ, আমজাদ আলী খান, হৰিপ্ৰসাদ চৌৰাছিয়া, ৰছিদ খান, অজয় চক্ৰৱৰ্তী, শুভ মুদ্গল, অৰুণা ছাইৰাম, এল সুব্ৰমনিয়াম আৰু বিশ্ব মোহন ভট্ট আদিৰ দৰে দেশৰ বহুকেইগৰাকী আগশাৰীৰ সংগীতজ্ঞ।
স্মাৰক গীতটোৰ বাবে আগবাঢ়ি অহা আন শিল্পীসকল হ’ল ভিক্কু বিনায়কৰাম, লৌ মাজাও, অনুপ জাল’টা, পাৰবীন চুলতানা, শিৱমণি, বোম্বাই জয়শ্ৰী, উদিত নাৰায়ণ, অলকা য়াগনিক, মোহিত চৌহান, পাপন, শান, কৈলাশ খেৰ, সাধনা চৰগম, শান্তনু মৈত্ৰ আৰু চেলভাগণেশ।
আনহাতে কৌশিকি চক্ৰৱৰ্তী, শ্ৰেয়া ঘোচাল, মহেশ কালে, আমান আলী বঙ্গশ, আয়ান আলী বঙ্গশ, টেটচিও চিষ্টাৰ্ছ, অমৃত ৰামনাথ, ওমকাৰ ধুমল, অম্বি সুব্ৰমনিয়াম আৰু ৰিদম শ্ব’য়ে আদিৰ দৰে জনপ্ৰিয় শিল্পী সকলেও ‘জয় হ’ ২.০’ গানটোত কণ্ঠ দান কৰিছে।
ভাৰতে আজি স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰিছে আৰু এই উদযাপনত নেতৃত্ব দিছে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰীয় পতাকা উত্তোলণ কৰি তেওঁ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে।