কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে স্বাধীনতা দিৱসৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ গান্ধীয়ে কয় যে কেন্দ্রীয় চৰকাৰে নিজৰ ৰাজনৈতিক অপপ্ৰচাৰক আগুৱাই নিয়াৰ বাবে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দৰে নেতাৰ ভাৱমূর্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে ৷ তদুপৰি, স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতীয় বাহিনীসমূহে কৰা ত্যাগক কেন্দ্ৰই তুচ্ছজ্ঞান কৰি আহিছে বুলিও তেওঁ কয়।
ঐতিহাসিক তথ্য বিকৃত কৰি গান্ধী-নেহৰু-আজাদ-পেটেলৰ দৰে নেতাৰ ভাৱমুর্ত্তি ম্লান কৰিবলৈ কৰা এনে চেষ্টাৰ কংগ্ৰেছে সদায় বিৰোধিতা কৰি যাব বুলিও গান্ধীয়ে কয় ৷
ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই ছোনিয়া গান্ধীয়ে কয়, ‘যোৱা ৭৫ বছৰত উচ্চ প্ৰতিভাৱান ভাৰতীয়সকলে দেশক বিজ্ঞান, শিক্ষা, স্বাস্থ্য, আৰু তথ্যৰ ক্ষেত্ৰত প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে। ভাৰতৰ দূৰদৰ্শী নেতাসকলে এখন মুক্ত, নিকা, স্বচ্ছ নিৰ্বাচনী ব্যৱস্থাৰ ভেটি স্থাপন কৰিছিল। এক শক্তিশালী গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠান তেওঁলোকে স্থাপন কৰিছিল।”
তেওঁ লগতে কয় যে ভাৰতে বৈচিত্ৰময় সংস্কৃতি আৰু ভাষাৰ জৰিয়তে এখন গৌৰৱময় জাতি হিচাপে নিজৰ ভাবমূৰ্তি শক্তিশালী কৰি তুলিছে।