ভাৰতে স্বাধীনতাৰ ৭৫ বর্ষপূর্তি উদযাপন কৰাৰ সময়তে কেৱল সমগ্ৰ বিশ্বৰ পৰাই নহয়, মহাকাশৰ পৰাও লাভ কৰিছে শুভেচ্ছা । ভাৰতীয়-আমেৰিকান মহাকাশচাৰী ৰাজা চাৰিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় জাতীয় পতাকাৰ এখন ফটো আপলোড কৰি দেশবাসীক সম্ভাষণ জনায়। ফটোখনত মহাকাশৰ পৰা পৃথিৱীও পৃষ্ঠভুমিও দেখা গৈছে । আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰত ছমাহৰ মিছনৰ অন্তত শেহতীয়াকৈ ঘৰলৈ উভতি আহিছে চাৰী। স্পেচ এক্স মহাকাশযানৰ সহায়ত আন চাৰিজন মহাকাশচাৰীৰ সৈতে তেওঁ পৃথিৱীৰ বুকুত সুৰক্ষিতভাৱে অৱতৰণ কৰে ৷
On Indian Independence eve I’m reminded of Indian diaspora that I could see from @Space_Station where my immigrant father’s home town of Hyderabad shines bright. @nasa is just 1 place Indian Americans make a difference every day. Looking forward to @IndianEmbassyUS celebration pic.twitter.com/4eXWHd49q6
— Raja Chari (@Astro_Raja) August 14, 2022
আমেৰিকাৰ মহাকাশ সংস্থা নাছাত কাম কৰা চাৰীক ২০১৭ চনত মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল।তেওঁৰ জন্ম হৈছিল আমেৰিকাৰ উইচকনচিনৰ মিলৱাকিত আৰু ডাঙৰ-দীঘল হৈছিল আইঅ’ৱাৰ চিডাৰ ফল্ছত। তেওঁ চিডাৰ ফল্ছৰ স্থানীয় হলী শ্বাফ্টাৰ চাৰিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ তেওঁ তিনিটা সন্তানৰ পিতৃ ৷
তেওঁ আইঅ’ৱাৰ ৱাটাৰলুস্থিত কলম্বাছ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ক’লৰাডোৰ আমেৰিকাৰ বায়ুসেনা একাডেমীৰ পৰা তেওঁ এষ্ট্ৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ মেছাচুচেটছৰ কেম্ব্ৰিজৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এৰোনটিক্স আৰু এষ্ট্ৰ’নটিক্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেলেংগানাৰ মহাবুবনগৰৰ বাসিন্দা চাৰিৰ ককাক হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল। তেওঁৰ পিতৃ শ্ৰীনিবাস চাৰিয়ে একেখন বিশ্ববিদ্যালয়তে ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল আৰু পিছত আমেৰিকাত বাস কৰে ৷