আজি সমগ্ৰ দেশতে ৭৫তম স্বাধীনতা দিৱস উদযাপনৰ মাজতে গুৱাহাটীৰ খানাপাৰা অঞ্চলৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা এজন অচিনাক্ত ব্যক্তিৰ পচা মৃতদেহ উদ্ধাৰ কৰা হয়।
বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে কেইজনমান শিক্ষাৰ্থীয়ে মহাবিদ্যালয় চৌহদৰ ভিতৰত মৃতদেহটো প্ৰতক্ষ কৰাৰ পিছতেই তেওঁলোকে কৰ্তৃপক্ষক অৱগত কৰে।অৱশ্যে এতিয়াও মৃত ব্যক্তি গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
মৃতদেহটো উদ্ধাৰৰ পিছতে দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আনফালে শেহতীয়াকৈ, গুৱাহাটীৰ ৰূপনগৰ অঞ্চলৰ এএছটিচি কৰ্মশালাৰ ওচৰত ভৰলু নদীৰ দলঙৰ তলত আন এটা পচা মৃতদেহ উদ্ধাৰ কৰা হৈছে। জানিবপৰামতে মৃতদেহটো প্ৰথমে স্থানীয় লোকে এটা খালত ওপঙি থকা দেখা পাইছিল আৰু তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিছিল।