আজি ভাৰতৰ ৭৬ তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে গুগলে সৃষ্টি কৰিছে এক বিশেষ ডুডল । দেশৰ স্বাধীনতাৰ এক দীঘলীয়া সময়ক প্ৰতিফলিত কৰি য’ত ৰং বিৰঙৰ চিলাবোৰ উৰি থকা দেখা গৈছে ৷
কেৰালাৰ অতিথি শিল্পী নীতিয়ে গুগলৰ বাবে এই ডুডলটো সৃষ্টি কৰিছে। ১৯৪৭ চনৰ আজিৰ দিনটোতে প্ৰায় দুশ বছৰীয়া ব্ৰিটিছ শাসনৰ সমাপ্তি ঘটা ভাৰতবৰ্ষই আনুষ্ঠানিকভাৱে এখন গণতান্ত্ৰিক দেশত পৰিণত হোৱাৰ কথা ঘোষণা কৰে অৰু প্ৰতিবছৰেই এই দিনটো উলহ-মালহেৰে উদযাপন কৰে৷
এই ডুডল যোগে ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা দিয়ে গুগলে।
এই ডুডলটোৰ সৃষ্টিকৰ্তা শিল্পী নীতিয়ে কয় যে ভাৰতীয় লোকসকলৰ আটাইতকৈ প্ৰিয় স্মৃতিবোৰৰ ভিতৰত চিলা উৰোৱা ভাৰতীয় স্বাধীনতা দিৱস উদযাপনৰ এটা বহু পুৰণি পৰম্পৰা তথা অবিচ্ছেদ্য অংশ হৈ আহিছে। সেয়েহে ডুডল শিল্পকৰ্মত চিলাৰ সৈতে সম্পৰ্কিত সংস্কৃতিক দৰ্শোৱা হৈছে ৷ ৰং-বিৰঙৰ উজ্জ্বল ধুনীয়া চিলা তৈয়াৰ কৰাৰ পৰা এটা সম্প্ৰদায়ৰ সৈতে হোৱা মনোৰম অভিজ্ঞতালৈকে সকলোবোৰ এই ডুডলটোত দেখুওৱা হৈছে। উৰণীয়া চিলাৰে উজ্বল আকাশৰ বিশালতা যেন ভাৰতীয়সকলৰ স্বাধীনতাৰ এক জলন্ত প্ৰতীক।আনহাতে জিআইএফ এনিমেছনে ইয়াত গতিশীলতা যোগ কৰে আৰু ডুডলটো জীৱন্ত কৰে বুলিও তেওঁ জনায়।
উল্লেখযোগ্য যে, ভাৰতীয় বিপ্লৱীসকলে এবাৰ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিবলৈ শ্ল’গানেৰে চিলা উৰুৱাইছিল। তেতিয়াৰ পৰাই মনোৰঞ্জনমূলক আৰু প্ৰতিযোগিতামূলক চিলা উৰোৱাটো স্বাধীনতা দিৱসৰ আটাইতকৈ জনপ্ৰিয় পৰম্পৰালৈ পৰিণত হৈছিল।
নীতিৰ মতে , চিলা শৈল্পিক অভিব্যক্তিৰ বাবে এটা আউটলেট আৰু সেইবোৰৰ বহুতে আধুনিক আৰ্হিৰ লগতে সামাজিক বাৰ্তাও প্ৰদান কৰে। তেখেতে লগতে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় ৰং, প্ৰেমৰ বাৰ্তা আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁ চিলাৰে চিত্ৰ নিৰ্মাণ কৰিছে। তেওঁৰ শিল্পী সত্বাৰে কল্পনা কৰে যে এই উৰণীয়া চিলাবোৰো সূৰ্যৰ সমানে ওপৰলৈ উৰি আছে।