ভাৰতে প্ৰকাশ কৰা নিৰাপত্তাজনিত উদ্বেগৰ মাজতে আজি পুৱা শ্ৰীলংকাৰ হামবাণ্টোটা বন্দৰত উপগ্ৰহ আৰু আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰৰ তথ্য অনুসন্ধান কৰাৰ ক্ষমতা থকা চীনৰ এখন জাহাজ উপস্থিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কেপ্তেইন নিৰ্মল ডি ছিলভাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি পুৱা প্ৰায় ৮.৩০ বজাত চীনৰ ৱাং ইয়াং-৫ নামৰ জাহাজখন শ্ৰীলংকাৰ বন্দৰত উপস্থিত হয়।
ইয়াক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ সময়তে চীনক হাইটেক জাহাজখনৰ ভ্ৰমণ পিছুৱাই দিবলৈ শ্ৰীলংকাই কোৱাৰ পূৰ্বে শনিবাৰে জাহাজখন দ্বীপৰাষ্ট্ৰখনৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে ৷ জাহাজখনৰ ট্ৰেকিং চিষ্টেমে ভাৰতীয় সুৰক্ষা ব্যৱস্থাৰ ওপৰত চোৰাংচোৱা কৰাৰ চেষ্টা কৰাৰ সম্ভাৱনাক লৈ নতুন দিল্লী উদ্বিগ্ন বুলি জানিব পৰা গৈছে।
শ্ৰীলংকাৰ জলসীমাত থকাৰ সময়ত জাহাজখনে নিজৰ অটোমেটিক আইডেন্টিফিকেশন চিষ্টেম (এআইএছ) অন কৰি ৰখাৰ লগতে বৈজ্ঞানিক গৱেষণা কৰিবলৈ অনুমতি নিদিয়াৰ চৰ্তত বন্দৰটোত ৰখাবলৈ অনুমতি দিয়া হৈছিল।
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে চীনৰ জাহাজ ৱাং ইয়াং-৫ক বন্দৰত উপস্থিত হ’বলৈ অনুমতি দিয়াৰ সময়ত চুবুৰীয়া দেশৰ নিৰাপত্তা আৰু সহযোগিতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে।বিচৰকাৰে সংশ্লিষ্ট সকলো পক্ষৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিছে ৷
যোৱা সপ্তাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কৈছিল যে ভাৰতে নিজৰ নিৰাপত্তা স্বাৰ্থৰ সন্দৰ্ভত সৰ্বোত্তম বিচাৰ কৰিব আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিছে।
তেওঁ কয় যে ভাৰতৰ নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থৰ ওপৰত প্ৰভাৱ পেলোৱা যিকোনো বিষয় চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু সুৰক্ষিত ৰাখিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷
উল্লেখ্য যে হামবাণ্টোটা বন্দৰটো চীনে পৰিচালনা কৰি আহিছে ৷ চীনে ৯৯ বছৰৰ বাবে ১.১২ বিলিয়ন ডলাৰত বন্দৰটো ভাড়াত লৈছিল। তদুপৰি বেইজিং শ্ৰীলংকাৰ সৰ্ববৃহৎ দ্বিপাক্ষিক ঋণদাতা ৷ দ্বীপটোৰ বৈদেশিক ঋণৰ ১০ শতাংশতকৈ অধিক চীনৰ পৰা গ্ৰহণ কৰিছে ৷