এইবাৰ বেজী নহয় ,নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ ৷ অতি শীঘ্ৰেই নাকেৰে দিয়া হ’ব কৰ’ণাৰ প্ৰতিষেধক ৷ এই সন্দৰ্ভত ভাৰত বায়’টেক আন্তঃৰাষ্ট্ৰীয় লিমিটেডে ইয়াৰ তৃতীয় পৰ্যায় আৰু বুষ্টাৰ ড’জৰ ট্ৰায়েল সম্পূৰ্ণ কৰিছে ৷
জানিব পৰা মতে অতি সোনকালেই এই বুষ্টাৰ ড’জ সম্পৰ্কে ভাৰত চৰকাৰৰ পৰা সন্মতি পোৱা যাব ৷ পৰৱৰ্তী পৰ্যায়ত কৰ’ণাৰ বুষ্টাৰ ড’জ ল’বলৈ বিচৰা সকলক বেজী দিয়াৰ সলনি নেজেল ড্ৰপৰ দ্বাৰা দিয়া হ’ব এই প্ৰতিষেধক ৷ ভাৰত বায়’টেকে জানিবলৈ দিয়া মতে কৰ’ণা প্ৰতিৰোধ কৰিবলৈ দুটা প্ৰাৰম্ভিক পালি আৰু এটা বুষ্টাৰ পালিৰ বাবে BBV154ৰ দুটা বেলেগ বেলেগ ক্লিনিকেল পৰীক্ষা কৰা হৈছিল যি সম্পূৰ্ণ সুৰক্ষিত আছিল ৷
BBV154হৈছে ক’ভিড ১৯ৰ এক আন্তঃনাসিক প্ৰতিষেধক ৷ ইয়াক নাকৰ জৰিয়তে শৰীৰলৈ প্ৰেৰণ কৰা হয় যাক স্পাইক প্ৰ’টিন প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ৷ বায়’টেকৰ মতে প্ৰতিষেধকটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ ইতিমধ্যে সফল হৈছে ৷ আনহাতে তেওঁলোকে জানিবলৈ দিয়া মতে এই নাকৰ প্ৰতিষেধক টো সুৰক্ষিত হোৱাৰ লগতে ইমিউনোজনিক বুলি প্ৰমাণিত হৈছে ৷
ভাৰত বায়’টেকে জানিবলৈ দিছে যে দেশৰ ১৪টা ভিন ভিন স্থানত প্ৰথম পালিৰ বাবে কৰা তৃতীয় পৰ্যায়ৰ পৰীক্ষণটো সম্পূৰ্ণ ৰূপে সুৰক্ষিত আছিল আৰু ক’ভেক্সিনৰ তুলনাত BBV154 ৩১০০টা ক্ষেত্ৰত প্ৰতিৰক্ষামূলক আছিল ৷
বিশেষ আৰ্হিৰে নিৰ্মাণ কৰা এই প্ৰতিষেধকটো নিম্ন তথা মধ্যম আয়ৰ দেশ সমূহেও ক্ৰয় কৰিব পাৰিব ৷ চেণ্ট লুইচস্থিত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অংশীদাৰিত্বত প্ৰস্তুত কৰি উলিওৱা হৈছে নেজেল ড্ৰপৰ দ্বাৰা দিয়া এই প্ৰতিষেধক ‘BBV154’ক ৷