দৈনিক বৃদ্ধি পাই আহিছে নিত্য ব্যৱহার্য সামগ্ৰীৰ ৷ এইবাৰ দাম বৃদ্ধি পাব বহুলভাৱে ব্যৱহৃত আমুল ব্ৰেণ্ডৰ গাখীৰৰ ৷ ‘আমুল’ ব্ৰেণ্ড নামেৰে গাখীৰ আৰু গাখীৰৰ সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে প্ৰতি লিটাৰত গাখীৰৰ দাম ২ টকা বৃদ্ধি কৰিছে। গুজৰাটৰ আহমেদাবাদ আৰু সৌৰাষ্ট্ৰ, দিল্লী-এনচিআৰ, পশ্চিমবংগ, মুম্বাই আদি সকলো বজাৰত অমুলে সতেজ গাখীৰৰ বিপণন কৰি থকা সকলো বজাৰত এই দাম বৃদ্ধি কৰা হৈছে ৷ তদুপৰি আমুলৰ গ’ল্ড, শক্তি আৰু তাজা গাখীৰ ব্ৰেণ্ডৰ মূল্যও প্ৰতি লিটাৰত ২ টকাবৃদ্ধি পাইছে। অহা ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ ৷ আমুলৰ মতে, পৰিচালনা আৰু উৎপাদনৰ সামগ্ৰিক ব্যয় বৃদ্ধিৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি পাইছে।
এক বিবৃতিত উংপাদক সংস্থাটোৱে কয় -“এই মূল্যবৃদ্ধিৰ কাৰণ হৈছে পৰিচালনা আৰু উৎপাদনৰ সামগ্ৰিক ব্যয় বৃদ্ধি। কেৱল গৰু-ম’হৰ খাদ্যৰ নামত খৰচ যোৱা বছৰৰ তুলনাত প্ৰায় ২০ শতাংশলৈ বৃদ্ধি পাইছে। লগতে বিগত বছৰৰ তুলনাত কৃষকৰ মূল্যও ৮-৯ শতাংশৰ ভিতৰত বৃদ্ধি কৰিছে।’ প্ৰতি লিটাৰত ২ টকা বৃদ্ধিৰ ফলত সৰ্বোচ্চ খুচুৰা মূল্য (এম আৰ পি) ৪ শতাংশ বৃদ্ধি পাব ৷
নতুন নিৰখ কার্যকৰী হ’লে আহমেদাবাদ আৰু সৌৰাষ্ট্ৰৰ বজাৰত আমুল গ’ল্ডৰ মূল্য প্ৰতি ৫০০ মিলিলিটাৰত ৩১ টকা, অমুল তাজাৰ প্ৰতি ৫০০ মিলিলিটাৰত ২৫ টকা, আৰু অমুল শক্তিৰ মূল্য প্ৰতি ৫০০ মিলিলিটাৰত ২৮ টকা হ’ব বুলি মঙলবাৰে এক বিবৃতিত কোৱা হৈছে ৷ গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ বাবে গ্ৰাহকৰ পৰা লাভ কৰা ধনৰ প্ৰতিটো টকাৰ প্ৰায় ৮০ পইচা অমুলে গাখীৰ উৎপাদকসকলক প্ৰদান কৰে। তদুপৰি মাদাৰ ডেইৰীয়েও বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰত গাখীৰৰ দাম ২ টকা বৃদ্ধি কৰিছে।