গুৱাহাটী চহৰৰ উপকণ্ঠ অঞ্চলত নিজৰ ২৩ বছৰীয়া গৰ্ভৱতী পত্নীক যৌতুকৰ বাবেই হত্যা কৰিলে তেওঁৰ স্বামীয়ে । জানিবপৰা মতে হাজোত চাফিকুল হক নামৰ লোকজনে তেওঁৰ গৰ্ভৱতী পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰে আৰু ঘৰত তেওঁৰ মৃতদেহ ওলমাই দিয়ে। উল্লেখনীয় যে মাত্ৰ এবছৰ আগতে চাফিকুল হকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মৃত মহিলাগৰাকী।
উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে যৌতুকক লৈ দুয়োজনৰ মাজত হোৱা তৰ্কৰ পিছত তেওঁলোকৰ কন্যাক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল।তেওঁলোকে লগতে অভিযোগ কৰিছিল যে চাফিকুলে যৌতুকৰ দাবীত তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰিছিল।
মৃতকৰ পৰিয়ালৰ সদস্যসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত হাজো আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাটো সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।