চিএফ মট’ নামৰ এটা প্ৰিমিয়াম স্পৰ্টছ বাইক ব্ৰেণ্ডে মঙলবাৰে অসমৰ গুৱাহাটীৰ চান্দমাৰীত প্ৰথম বাৰৰ বাবে ইয়াৰ স্পৰ্টছ বাইক শ্ব’ৰুম মুকলি কৰে।শ্ব’ৰুমটো উদ্বোধন কৰে অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা ৰবি শৰ্মাই।
বৰ্তমান চিএফ মট’ৱে চান্দমাৰীত তেওঁলোকৰ শ্ব’ৰুমত ৩০০এনকে, ৬৫০এনকে,৬৫০এমটি,৬৫০জিটি আদি স্পৰ্টছ বাইকৰ কেইবাটাও মডেল মুকলি কৰে।
আনহাতে তেওঁলোকে জানিবলৈ দিয়ে যে ৩০০এনকে ৬৫০এনকে, ৬৫০এমটি, ৬৫০জিটি মডেল সমূহৰ বাবে বৰ্তমান তেওঁলোকৰ শ্ব’ৰুমত বুকিং আৰু পৰীক্ষামূলক ৰাইডিং ব্যৱস্থা খোলা আছে।
উক্ত উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰবি শৰ্মাই কয় যে উত্তৰ-পূবৰ বাইক প্ৰেমীসকলৰ বাবে, বিশেষকৈ গুৱাহাটীত এই দিনটো এক মহান দিন। লগতে তেওঁ মেনেজমেণ্টক অভিনন্দন জনাই কয় যে তেওঁ নিশ্চিত যে ই আমাৰ সকলোকে প্ৰথম শ্ৰেণীৰ বাইকিং অভিজ্ঞতা প্ৰদান কৰিব।আনহাতে তেওঁ সকলো আৰোহীকে সুৰক্ষিতভাৱে যাত্ৰা কৰিবলৈ অনুৰোধ জনায় ৷
ইফালে, চিএফ মট’ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ৱামশী কৃষ্ণাই কয় যে উত্তৰ-পূবৰ দুৱাৰ গুৱাহাটীত চিএফ মট’ৰ প্ৰথমটো শ্ব’ৰুম মুকলি কৰি তেওঁলোক অতি উৎসাহিত আৰু ৰোমাঞ্চিত। তেওঁ নিশ্চিত যে তেওঁলোকে তেওঁলোকৰ সন্মানীয় গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু চাহিদা পূৰণ কৰিবলৈ আগবাঢ়িছে আৰু আগন্তুক সময়ত উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো তেওঁলোকৰ শ্ব’ৰুম থাকিব।