জন্মৰ হাৰ হ্ৰাস পোৱাৰ ফলত জনগাঁথনিগত সংকটৰ সন্মুখীন হৈছে ৰাছিয়া ৷ যাৰ বাবে ছোভিয়েট যুগৰ ‘মাতৃ নায়িকা’(Mother Heroin’) বঁটা পুনৰ প্ৰৱর্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনে ৷ যোৱা ১৬ আগষ্টত এই বটাঁ পুনৰ প্ৰৱর্তনৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৷ ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছোভিয়েট নেতা জোচেফ ষ্টেলিনে দেশখনৰ জনসংখ্যা ব্যাপক হাৰত হ্ৰাস হোৱাত প্ৰথমবাৰৰ বাবে এই সন্মানীয় উপাধিটো প্ৰতিষ্ঠা কৰিছিল। কিন্তু, ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত এই উপাধি প্ৰদান কৰাটো বন্ধ হৈ পৰে।
বর্তমান ‘মাতৃ নায়িকা’ উপাধি ছোভিয়েট যুগৰ উপাধিৰ দৰেই ১০ বা তাতকৈ অধিক সন্তান জন্ম দিয়া আৰু ডাঙৰ-দীঘল কৰা মহিলাসকলক প্ৰদান কৰা হ’ব। সোমবাৰে স্বাক্ষৰ কৰা পুটিনৰ আদেশ অনুসৰি যোগ্যতা অৰ্জন কৰা মাতৃসকলৰ দশম জীৱিত সন্তানৰ বয়স এবছৰ হোৱাৰ পিছত এককালীনভাৱে ১০ লাখ ৰুবেল প্ৰদান কৰা হ’ব। ভাৰতীয় হিচাপত এই ধনৰ পৰিমান হ’ব ১৩ লাখতকৈয়ো অধিক ৷
জাননীখনত উল্লেখ কৰা অনুসৰি যদিহে যুদ্ধত বা সন্ত্রাসবাদী কার্য বা জৰুৰীকালীন পৰিস্থিতিৰ ফলত তেওঁলোকৰ কোনো সন্তান হেৰুৱাই পেলায় তেতিয়াও মাতৃগৰাকীয়ে এই সন্মানৰ বাবে যোগ্য বিবেচিত হ’ব ৷ মাতৃ নায়িকা উপাধিটো ৰাছিয়াৰ নায়ক আৰু শ্ৰমিকৰ নায়কৰ দৰে মর্যাদাসম্পন্ন বুলি গণ্য কৰা হয়। দশক দশক ধৰি ৰাছিয়াৰ জনসংখ্যা হ্ৰাস পাই আহিছে ৷ ২০২২ চনৰ আৰম্ভণিতে ইয়াৰ জনসংখ্যা আছিল ১৪.৬ কোটি। ২০২১ চনৰ পৰা কৰোণা ভাইৰাছৰ বাবে জনসংখ্যা প্ৰায় দুগুণ হ্ৰাস পাইছে ৷ ২০২০ চনৰ এই হ্ৰাসৰ পৰিমান প্ৰায় তিনিগুণ ৷