ভাৰতৰ আগশাৰীৰ উদ্যোগপতি তথা আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম অদানিক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে চি আৰ পি এফ কামাণ্ডোৰ জেদ নিৰাপত্তা ৷ বুধবাৰে এই বিষয়ে জানিবলৈ দি চৰকাৰী সূত্ৰই কয় যে ভাৰতৰ শীৰ্ষ উদ্যোগপতি গৰাকীক মূল্য পৰিশোধৰ ভিত্তিত এই ‘জেদ’নিৰাপত্তা প্ৰদান কৰা হ’ব আৰু প্ৰতিমাহে ইয়াৰ মূল্য হ’ব পাৰে ১৫ৰ পৰা ২০লাখ টকা ৷
দেশৰ ৬০বছৰীয়া শীৰ্ষস্থানীয় উদ্যোগপতি গৰাকীৰ জীৱনলৈ ভাবুকি অহাৰ বিশেষ তথ্য লাভ কৰাৰ পিছতেই কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহে তেখেতক এই নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিছে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ভি আই পি নিৰাপত্তা শাখাক আদানিক নিৰাপত্তা আগবঢ়াবলৈ ইতিমধ্যে নিৰ্দেশ দিছে ৷ বৰ্তমান তেওঁৰ সৈতে আছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নিৰাপত্তা ৰক্ষীৰ দলটো ৷