দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অব্যাহত ৰাখিছে অসম চৰকাৰে ৷ তৎসত্বেও যেন একাংশ চৰকাৰী কর্মচাৰীৰ মনত ওপজা নাই ভয়ৰ ভাৱ ৷ যাৰ ফলত বিভিন্ন আঁচনিৰ নামত একাংশ কর্মচাৰীয়ে হিতাধিকাৰীৰ পৰা দাবী কৰি আহিছে ধন ৷ অৱশ্যে ভাগৰি পৰা নাই অসম আৰক্ষীও ৷ ঘোচখোৰ চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ উৎকোচ লৈ আজি পুনৰ হাতেলোটে গ্ৰেপ্তাৰ হ’ল হাদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বর্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰায় ৷
Relentless campaign. Sri Jatindra Nath Roy, UDA of Hadurhat Dharmasala H.S. School, Dhubri district has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for transferring complainant’s service sheet and LPC. pic.twitter.com/EfHUQE6MdT
— GP Singh (@gpsinghips) August 18, 2022
চাৰ্ভিচ শ্বীট আৰু এল পি চি বদলি কৰাৰ বাবে দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়তে দুনৰীতি নিবাৰক শাখাৰ এটা দলে তেওঁক কৰায়ত্ব কৰে ৷ ইয়াৰ পূর্বেও কেইাজনো ঘোচখোৰ বিষয়াক অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই ৷