গৰমৰ দিনত সাধাৰণতে ধূলি মাকটি পৰি মুখৰ ছাল শুকান হৈ পৰে। অতিপাত গৰমত বা ৰদত ওলালে ছাল পুৰি যোৱাৰ দৰে হয় । এনে সময়ত আমি আমাৰ ছাল খন কেনেকৈ ধুনীয়া কৰি ৰাখিম জানো আহক-
১) গৰমৰ দিনত প্ৰচুৰ পৰিমাণে পানী খাব লাগে। অন্ততঃ দিনত ৬ বা ৮ গিলাচ পানী খাব লাগে।
২) দিনত দুবাৰ কৈ গা ধোৱাৰ অভ্যাস কৰিব লাগে। মাজে মাজে ঠাণ্ডা পানীৰে মুখখন ধুই থাকিব লাগে।
৩) গৰমৰ দিনত চোকা ৰ’দত ওলাই যাব লাগিলে চানগ্লাচ ব্যৱহাৰ কৰিব লাগে।
৪) কেঁচা ফল-মূল , শাক-পাচলিৰ চালাড , ডাবৰ পানী আদি পাৰ্যমানে খাব লাগে।
৫) ৰ’দত গাৰ ছাল পুৰিলে নেমুৰ ৰস আৰু অলিভ অইল মিহলাই গাৰ ছাল পোৰা অংশত ঘহি আধা ঘণ্টামান পাছত ধুই পেলালে ছালৰ উজ্বলতা বাঢ়ে ।
৬) মাজে মাজে বৰফৰ টুকুৰাও মুখত সানিব লাগে।
৭) বীটৰ ৰস ছালৰ কাৰণে ভাল। কিছু সময় বীটৰ ৰস লগোৱাৰ পিছত মুখ খন পানীৰে ধুই পেলোৱাৰ পিছত ক্ৰীম সানিব লাগে।